ক’ভিড বিধি লংঘনৰে পার্টিত অংশ লৈ সংসদত ক্ষমাপ্রার্থী ব্রিটিছ প্রধানমন্ত্রী

107000010 1641990722039 gettyimages 1237674059 64696459

কৰ’না প্রতিবােধৰ বাবে ব্রিটেইনত তলাবন্ধ অব্যাহত থকাৰ সময়ত প্রধানমন্ত্রীৰ চৰকাৰী বাসগৃহত ক’ভিড বিধি উলংঘন কৰি পার্টি অনুষ্ঠিত কৰাৰ ঘটনাৰ সন্দৰ্ভত অৱশেষত সংসদত ক্ষমা বিচাৰিবলৈ বাধ্য হ’ল ব্রিটেইনৰ প্রধানমন্ত্রী বৰিছ জনছন।

উক্ত পার্টি অভিযােগৰ সন্দৰ্ভত তদন্ত প্রতিবেদন প্রকাশ পােৱাৰ পাছতে সংসদত ব্রিটিছ প্রধানমন্ত্রীয়ে কয়, ‘ডাউনিং স্ট্রিটৰ ‘ঘটনাৰ বাবে ক্ষমা বিচাৰিছাে। এতিয়া আৰু এই কথা কৈ লাভ নহ’ব যে সকলাে কাম বিধি মানি কৰা হৈছিল আৰু অনেকে কঠোৰ পৰিশ্ৰম কৰিছিল।

উল্লেখ্য যে তলাবন্ধৰ সময়ত নিজৰ চৰকাৰী বাসগৃহত ক’ভিড বিধি উলংঘনৰে পাৰ্টিৰ আয়ােজন কৰি জনছন স্বয়ং নিজ দলৰে কঠোৰ সমালােচনাৰ সন্মুখীন হৈছিল।

Exit mobile version