Facebook : জনপ্ৰিয়তা হ্ৰাস পাইছে ফেচবুকৰ ,কিন্তু কিয় ?

1643876100 facebook

জনপ্ৰিয়তা হ্ৰাস পাইছে মাৰ্ক জুকাৰবাৰ্গৰ কোম্পানী ফেচবুকৰ । বিগত দুটা তিনিটা মাহত প্ৰায় ১০ লাখ ব্যৱহাৰকাৰীৰ হেৰুৱাইছে ফেচবুকে । ১৭ বছৰত এইটো প্ৰথম বাৰৰ বাবে য’ত ফেচবুক ব্যৱহাৰকাৰীৰ সংখ্যা ইমান পৰিমাণলৈ হ্ৰাস পাইছে।

ইয়াৰ প্ৰভাৱ পৰিল অভিভাৱক সংস্থা ‘মেটা’ৰ ওপৰতো। ফেচবুক ব্যৱহাৰকাৰীৰ সংখ্যা হ্ৰাস হোৱাৰ লগে লগে, মেটাৰ লভ্যাংশ এবাৰতে যথেষ্ট হ্ৰাস পাইছে।প্ৰভাৱিত হৈছে এই কোম্পানীটোৰ বিজ্ঞাপন ব্যৱসায়ো ।

বুধবাৰে কোম্পানীটোৰ তৰফৰ পৰা এই ঘোষণা কৰা হয় । কোম্পানীটোৱে এইটোও জনাইছে যে শ্বেয়াৰ বজাৰত তেওঁলোকৰ শ্বেয়াৰ ২২ শতাংশ হ্ৰাস পাইছে।

মেতাই ইয়াৰ অন্তিম তিনিমাহত ১০.৩ বিলিয়ন ( এক হেজাৰ ৩০কোটি) লাভ কৰিছে, যি আগৰ বছৰৰ তুলনাত প্ৰায় আঠ শতাংশ কম। মেটাৰ লগতে, কৰ’নাৰ ফলত জনপ্ৰিয়তা অৰ্জন কৰা নেটফ্লিক্সৰ বজাৰৰ মূল্যও হ্ৰাস পাইছে।

বিশ্বজুৰি প্ৰতিদিনে প্ৰায় ২০০ কোটি লোকে ফেচবুক ব্যৱহাৰ কৰে। সেয়েহে, ১০লাখ ব্যৱহাৰকাৰী হেৰুওৱাটো সংখ্যাটোৰ বাবে নগণ্য যেন লাগে, কিন্তু এনে নহয় বুলিও জনাইছে বিষয়াসকলে । মেটাৰ মতে, ১০লাখ ব্যৱহাৰকাৰীয়ে বিজ্ঞাপনৰ ব্যৱসায় ক্ষতিগ্ৰস্ত কৰিছে।

ফেচবুকৰ মুখ্য অৰ্থনৈতিক বিষয়া ডেভ ৱেইনাৰৰ মতে,ক’ভিডকালত এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বাসিন্দাসকলে ফেচবুক ব্যৱহাৰৰ ক্ষেত্ৰত অনীহা আৰু ভাৰতত মোবাইল নেটৱৰ্ক প্ৰদানকাৰীৰ দ্বাৰা ডাটা পেকৰ মূল্য বৃদ্ধিক ব্যৱহাৰকাৰীৰ সংখ্যা হ্ৰাস হোৱাৰ কাৰণ হিচাপে উল্লেখ কৰিছে।

ডেভে কয়, “বজাৰৰ একে ধৰণৰ বাকী প্ৰতিযোগী কোম্পানীয়ে যুৱ প্ৰজন্মৰ বাবে ফেচবুকৰ বিষয়ে এক নেতিবাচক প্ৰভাৱ সৃষ্টি কৰিছে। ”

ফেচবুকে বাৰে বাৰে টিকটকক ইয়াৰ প্ৰতিদ্বন্দী বুলি উল্লেখ কৰিছে। ফেচবুকে এইটোও দাবী কৰিছে যে টিকটকে বিভিন্ন দেশত ব্যাপক জনপ্ৰিয়তা লাভ কৰিছে আৰু ইয়াৰ সক্ৰিয় ব্যৱহাৰকাৰীৰ সংখ্যা হ্ৰাস পাইছে।

Exit mobile version