Queen Elizabeth : ৭০ বছৰীয়া ৰাজত্ব দ্বিতীয় এলিজাবেথৰ

1643806212 rani

স্বামীৰ স’তে কেনিয়াৰ এখন অৰণ্যত বন্যপ্ৰাণী চাবলৈ গৈছিল যুৱৰাণী। শোৱাৰ পৰা উঠি শুনিছে ৰাণী হৈছে তেওঁ। কাৰণ মৃত্যু হৈছে তেওঁৰ পিতৃ ষষ্ঠ জৰ্জ ।

তেতিয়াৰ পৰাই, ব্ৰিটেইনৰ ৰাণী হিচাপে ৭০ বছৰীয়া ৰাজত্বকাল সম্পূৰ্ণ কৰিলে দ্বিতীয় এলিজাবেথে । বিগত দেওবাৰে তেওঁৰ ৭০ বছৰীয়া শাসনকাল সম্পূৰ্ণ হৈছে।

লগতে তেওঁ বিশ্বৰ প্ৰথম কোনো ৰাজপৰিয়ালৰ সদস্য,যিয়ে ইমান দীঘলীয়া সময়ৰে বাবে শাসন কৰিছে । ব্ৰিটেইনৰ ৰাণী দ্বিতীয় এলিজাবেথৰ বয়স ৯৫ বছৰ। ৰাণী হিচাপে তেওঁ মাত্ৰ ২৫ বছৰ বয়সত ব্ৰিটেইনৰ সিংহাসনত বহে।

তেতিয়াৰ পৰাই, তেওঁ ব্ৰিটেইনত সামাজিক আৰু ৰাজনৈতিক পৰিৱৰ্তনৰ এক মুখ্য ব্যক্তি হিচাপে নিজৰ ছাপ ৰাখিছে। আধুনিক ব্ৰিটেইনৰ উপৰিও তেওঁ ব্ৰিটেইনৰ সাম্ৰাজ্যবাদী অতীতৰ সাক্ষী হৈ আহিছে।

তেওঁক ব্ৰিটেইনৰ ৰাজপৰিয়ালৰ আটাইতকৈ জনপ্ৰিয় সদস্য বুলিও গণ্য কৰা হয়। যদিও বাৰে বাৰে বিভিন্ন সময়ত তেওঁৰ গাদী এৰি যোৱাৰ বাবেও সৰৱ হয় ব্ৰিটেইনবাসী।

দেওবাৰে তেওঁৰ পিতৃৰ মৃত্যু বাৰ্ষিকী উদযাপন কৰে। সেয়েহে, দ্বিতীয় এলিজাবেথৰ ৭০ বছৰীয়া শাসনকালত ব্ৰিটেইনে বিশেষ ধুমধাম দেখা ন’গল।

অৱশ্যে, জুনৰ আৰম্ভণিতে ৭০ বছৰীয়া ৰাজত্ব কাল উপলক্ষে চাৰিদিনীয়া উৎসৱৰ পৰিকল্পনা কৰা হৈছে, যাৰ ভিতৰত আছে সামৰিক কুচকাৱাজ আৰু এক সংগীতানুষ্ঠান। তেওঁৰ কৃতিত্ব চিৰদিনৰ বাবে স্মৰণীয় কৰি তুলিবলৈ ইতিমধ্যে এটা স্মাৰক মুদ্ৰা সৃষ্টি কৰা হৈছে।

এই বছৰ তেওঁ বৰদিন আৰু নৱবৰ্ষত তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ স’তে সময় কটোৱাৰ বাবে ‘চেন্দ্ৰিংহাম’ প্ৰাসাদলৈ যোৱাৰ কথা আছিল। কিন্তু ব্ৰিটেইনত, অ’মিক্ৰনৰ সংক্ৰমণ বৃদ্ধিৰ বাবেই এই ভ্ৰমণটো পিছুৱাই দিয়া হ’ল।

Exit mobile version