ভাৰতীয় বায়ু সেনাত মহিলাই অংশগ্রহণৰ সন্দৰ্ভত গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰিলে প্ৰতিৰক্ষা মন্ত্রণালয়ে।
প্রতিক্ষা মন্ত্রী ৰাজনাথ সিঙে ঘােষণা কৰা অনুসৰি ছবছৰ পূর্বে দেশত মহিলাক যুঁজাৰু বিমান চলােৱাৰ পৰীক্ষামূলক পদক্ষেপ গ্রহণ কৰা হৈছিল আৰু এইবাৰ ভাৰতীয় বায়ুসেনাত মহিলা যুঁজাৰু বৈমানিকক স্থায়ী নিযুক্তি প্রদান কৰা হ’ব।
ADVERTISEMENT
উল্লেখ্য যে ২০১৫ত মহিলাক খুঁজাৰু বিমানৰ বৈমানিক হিচাপে নিযুক্তি প্রদানৰ প্রথম সিদ্ধান্ত গ্রহণ কৰা হৈছিল। উক্ত পৰীক্ষামূলক নিযুক্তি এইবাৰ দেশৰ বায়ুসেনাত স্থায়ী কৰাৰ সিদ্ধান্ত ল’লে প্ৰতিৰক্ষা মন্ত্রণালয়ে। ২০১৬ত বায়ুসেনাত ১৬ গৰাকী মহিলা যুঁজাৰু বৈমানিকক পৰীক্ষামূলকভাৱে নিযুক্তি দিয়া হৈছিল আৰু এতিয়া তেওঁলােকৰ নিয়ােগ স্থায়ী কৰা হ’ব।