কৰ্ণাটকত আছে দেশৰ একমাত্ৰ ‘ৰক্তদাতা’ৰ গাঁও

1643869606 blood donation

জিলাই জিলাই, গাঁৱে-চহৰে প্ৰায়েই ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। তেজৰ প্রয়ােজনীয়তা, আকাল আৰু সংকট দূৰ কৰিবলৈ এনে ৰক্তদান শিবিৰ আয়ােজিত কৰে চৰকাৰী স্বাস্থ্য বিভাগৰ পৰা আৰম্ভ কৰি বেচৰকাৰী সংস্থা, ক্লাব আদিয়ে।

আনকি ব্যক্তিগত উদ্যোগতাে এনে শিবিৰৰ আয়ােজন কৰা হয়। এনে শিবিৰলৈ সমীপৰ বিভিন্ন স্থানৰ পৰা বহু লােকেই স্বেচ্ছাই ৰক্তদান কৰিবলৈ আহে। অৱশ্যে আমাৰ দেশতে আছে এনে এখন গাঁও, যত প্রায় সকলাে বাসিন্দাই ৰক্তদাতা।

গাঁওখনৰ বাসিন্দাসকলৰ বাবে ৰক্তদান এক পৰম্পৰাত পৰিণত হৈছে। গাঁওখনৰ ছশ ৰক্তদাতাই নিয়মিতৰূপে ৰক্তদান কৰি আহিছে। ফলত সেই গাঁওখন সম্প্রতি ‘ভিলেজ অৱ ব্লাড ড’ন’ছ’ বা ৰক্তদাতাসকলৰ গাঁওৰূপেই পৰিচিতি লাভ কৰিছে।

গুগলৰ তৰফৰ পৰা গাঁওখনৰ এই নামকৰণ কৰা হৈছে। গাঁওখনৰ প্রকৃত নাম আক্কি আলুৰু। কর্ণাটকৰ হাভেৰি জিলাৰ হানাগাল মৌজাৰ অন্তৰ্গত এই গাঁওখনত ছশ ৰক্তদাতা আছে।

আক্কি আলুৰু আৰক্ষী থানাৰ এজন কনিষ্টবলে ২০১৫ত প্রথম এই উদ্যোগ গ্রহণ কৰিছিল। ৰক্তৰ প্রয়ােজনীয়তা আৰু ৰক্তদান সম্পর্কে কনিষ্টবলজনে স্থানীয় লােকক সচেতন কৰি তােলাৰ উদ্যোগ লৈছিল। তাৰ ফলাে তেওঁ হাতে হাতে।

বাসিন্দাসকল এই ক্ষেত্ৰত ইমানেই উৎসাহী হৈ পৰে যে গাঁওখনত ‘স্নেহমিত্ৰ ৰক্তদান বালাগা’ নামৰ এটা ৰক্তদাতাৰ দল গঠন হয়। সেই দলৰে সদস্য হৈছে ছশ গাঁওবাসী। এক প্রতিবেদন অনুসৰি, ২০১৫ৰ পৰা এই পর্যন্ত গাঁওখনৰ বাসিন্দাসকলে ২১ হেজাৰ বাৰ ৰক্তদান কৰিছে।

কাৰিবাছাপ্পা গণ্ডি নামৰ ‘স্নেহমিত্ৰ ৰক্তদান বালাগা’ৰ এজন সদস্যই কয়, ‘আমি নিজকে ৰক্ত সৈনিক বুলি কওঁ। ১৯খন গাঁৱত ৰক্তদান শিবিৰৰ আয়ােজন কৰিছাে।

যেতিয়াই য’ত ৰক্তদানৰ প্রয়ােজন হয়, আমি তালৈ দৌৰি যাওঁ।’উল্লেখ্য যে দলটোৰ এখন বাছাে আছে, যাৰ নাম ‘ৰক্তদান ৰথ’। ৰক্তদান সম্পর্কে সচেতনতা, প্রচাৰ আৰু য’ত তেজৰ প্রয়ােজন তালৈ ৰক্ত সৈনিকসকলক লৈ যােৱাৰ কামত এই বাছখন ব্যৱহাৰ কৰে।

মন কৰিবলগীয়া যে ৰক্তদানৰ প্ৰয়ােজনীয়তা সম্পর্কে গাঁওখনৰ শিশুসকলাে অৱগত। শিশুসকলক এই বিষয়ে বুজাই এতিয়াৰ পৰাই ৰক্ত সৈনিক পৰৱর্তী প্রজন্ম সাজু কৰিছে গাঁওবাসীয়ে।

Exit mobile version