ৰাজ্যজুৰি বিশ্ব কৰ্কট দিৱস পালন

d420ca36 9f73 4210 a837 9fb096c09626

দেশৰ সকলো কৰ্কট ৰোগীৰ ভিতৰত অসমৰ কামৰূপ জিলাত আছে সৰ্বাধিক গল্ড ব্লাডাৰ কৰ্কট ৰোগী । ডব্লিউ এইচ অ’ ৰ সমীক্ষা অনুসৰি কামৰূপৰ প্ৰতি লাখ জনসংখ্যাৰ ১৭.২ শতাংশই হৈছে গল্ড ব্লাডাৰ কৰ্কট ৰোগী । এই ভাষ্য গুৱাহাটীৰ মিডলেণ্ড হাস্পতালৰ জ্যেষ্ঠ পৰামৰ্শদাতা চিকিৎসক মহিবুল ইছলামৰ ।আজি হাস্পতাল খনত জে চি আই গুৱাহাটীৰ উদ্যোগত তথা অৰিয়েণ্টেল কেঞ্চাৰ ইনষ্টিটিউট আৰু হাস্পতাল খনৰ সহযোগত কৰ্কট দিৱস উপলক্ষে এক অনুষ্ঠানৰ আয়োজন কৰা হয় ।

উক্ত অনুষ্ঠানত কৰ্কট ৰোগ তথা ইয়াৰ চিকিৎসা সম্পৰ্কত জানিবলৈ দি ডাঃ ইছলামে কয় ‘ চিকিৎসা বিজ্ঞানৰ অগগ্ৰগতিৰ ফলত সম্প্ৰতি অধিকাংশ কৰ্কট ৰোগৰ চিকিৎসা সম্ভৱ হৈছে । ৰোগী সম্পূৰ্ণ সুস্থ হৈ উঠিছে । এতিয়া কৰ্কটক লৈ ভয় খাব নালাগে । কিন্তু শৰীৰত কিবা অস্বাভাৱিক লক্ষণ দেখিলেই সজাগ হ’ব লাগে । চিকিৎসকৰ ওচৰলৈ যাব লাগে । কৰ্কট হ’ব পাৰে বুলি ভয়তে পৰীক্ষা নকৰাকৈ থকা অনুচিত ।

যিমানেই সোনকালে ৰোগৰ চিনাক্ত হ’ব সিমান সোনকালে ৰোগীয়ে চিকিৎসা লাভ কৰি সুস্থ হ’ব পাৰিব ।’ অসমত সৰ্বাধিক গল্ড ব্লাডাৰ কৰ্কট ৰোগী আছে বুলি উল্লেখ কৰি ইয়াৰ কাৰণ সন্দৰ্ভত কয় ‘ ডব্লিউ এইচ অ’ৰ সমীক্ষা মতে ইয়াৰ মুখ্য কাৰণ হৈছে খেতিপথাৰত ব্যৱহৃত ৰাসায়নিক সাৰ । যি পানীৰ মাধ্যমেৰে আমাৰ শৰীৰত প্ৰৱেশ কৰে ।’এইবাৰৰ বিশ্ব কৰ্কট দিৱসৰ বিষয়বস্তু ক্ল’জ দ্য কেয়াৰ গেপ’ৰ অৰ্থ জানিবলৈ দি তেওঁ পুনৰ কয় ‘ কৰ্কটৰ চিকিৎসা বিশ্বৰ যি ঠাইতেই নকৰাওক তাৰ বাবে প্ৰস্তুত কৰা বিশেষ গাইডলাইন মতেই চিকিৎসা হ’ব ।

যাতে ৰোগীয়ে এখন ঠাইত চিকিৎসা কৰি হঠাৎ আন এখন ঠাইলৈ যাব লগা হ’লে যাতে চিকিৎসাত যতি নপৰে । আমি উক্ত গাইডলাইনৰ বিষয়ে চিকিৎসক তথা স্বাস্থ্য কৰ্মীক অৱগত কৰিছোঁ । তেনেদৰে ধনী-দুখীয়া সকলো শ্ৰেণীৰ লোকে যাতে কৰ্কট ৰোগৰ চিকিৎসা সমানেই লাভ কৰে । তদুপৰি এইবাৰৰ বিষয়বস্তুৱে কৰ্কট ৰোগৰ ব্যয়বহুল চিকিৎসা চৰকাৰী আঁচনিৰ জৰিয়তে বিনামূলীয়াকৈ উপলব্ধ কৰাৰো বাৰ্তা বহন কৰিছে ।’

অনুষ্ঠানত মুখ্য অতিথি ৰূপে উপস্থিত থাকি জনপ্ৰিয় কণ্ঠশিল্পী সুবাসনা দত্তই কয় -‘ কৰ্কট মানেই মৃত্যু নহয় । কেৱল সজাগ আৰু সচেতন হওক । সময়ত পৰীক্ষা কৰাওক ।’ তেনেদৰে অনুষ্ঠানত জে চি আই ইণ্ডিয়াৰ বিষয়ববীয়া অংকুৰ ঝুনঝুনৱালা, ডাঃ সৰোজ তিৱাৰী উপস্থিত থাকি চমু ভাষণ দিয়ে । উল্লেখ্য , আজি সমগ্ৰ বিশ্বই কৰ্কট দিৱস পালন কৰে । অসমতো কৰ্কট প্ৰতিস্থান-চিকিৎসালয়ত বিভিন্ন কাৰ্যসূচীৰে এই দিবসটো পালন কৰা হয় । গুৱাহাটীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানতো এই দিৱস উপলক্ষে চাইকেল ৰেলী তথা অন্যান্য কাৰ্যসূচী ৰূপায়ন কৰা হয় ।

Exit mobile version