Gold Cube : পাৰ্কত পৰি আছে আঠ কোটিতকৈও অধিক টকাৰ সোণৰ পাত্ৰ ,কোনো স্পৰ্শ কৰিব নোৱাৰে কিন্তু কিয় ?

1643975408 gold cube

পাৰ্কত পৰি আছে সোণৰ এটা পাত্ৰ।সেইটোও আকৌ যেনেকুৱা তেনেকুৱা নহয়, খাটি ২৪-কেৰেট সোণেৰে নিৰ্মিত। এই সোণৰ পাত্ৰটোৰ ওজন ১৮৬ কেজি ।

কিন্তু এই সোণৰ পাত্ৰটো স্পৰ্শ কৰিব নোৱাৰে কোনো লোকে। কাৰণ এই সোণ স্পর্শ কৰিলেই আপোনাক ধৰিব আহিব পাৰ্কত লুকাই থকা নিৰাপত্তাবাহিনী ।

সম্পূৰ্ণ এটা দিন সেই সোণৰ পাত্ৰ পৰি থাকিল পাৰ্কত । দেখিলেই এনেকোৱা লাগিব যে সেই সোণৰ কোনো সুৰক্ষাৰ অধীনত কোনো নিৰাপত্তাত নাই । কিন্তু লুকাই থকা নিৰাপত্তাৰক্ষীসকলৰ কঠোৰ দৃষ্টি আছে সেই সোণখিনিৰ ওপৰত ।

সোণৰ পাত্ৰটো বুধবাৰে গোটেই দিনটো নিউয়ৰ্কৰ জনপ্ৰিয় চেণ্ট্ৰেল পাৰ্কত পৰি আছিল। জাৰ্মান শিল্পী নিকোলাছ কাষ্টেলোৱে এই সোণালী ঘনককৃতিৰ পাত্ৰটো তৈয়াৰ কৰিছে।

সোণৰ পাত্ৰটো চেণ্ট্ৰেল পাৰ্কত এটা আহিবলগীয়া ক্ৰিপ্টো মুদ্ৰা কাষ্টেলো মুদ্ৰাৰ বাবে এক নতুন প্ৰচাৰ পদ্ধতি হিচাপে ৰখা হৈছিল। নিজৰ সৃষ্টিৰ বিষয়ে নিকোলাছে জনায়,ইয়াৰ আগে ইমান সোণেৰে কোনো বস্তু নিৰ্মাণ কৰা হোৱা নাই ।

এটা সংবাদ সংস্থাৰ স’তে হোৱা সাক্ষাৎকাৰত তেওঁ কয়, “আমাৰ পৃথিৱীখন অমূল্য আৰু মায়াময়। আৰু সেইটোৱেই মোৰ সৃষ্টিৰ আঁৰৰ মূল ধাৰণা আছিল। ”

এই সোণৰ টুকুৰাটোত আঠ কোটি টকাতকৈও অধিক মূল্যৰ সোণ ব্যৱহাৰ কৰা হৈছে। অৱশ্যে, নিকোলাছে জনায় যে তেওঁ কেতিয়াও পাত্ৰটো বিক্ৰী নকৰে। বৃহস্পতিবাৰে পাৰ্কৰ পৰা পাত্ৰটো আঁতৰৰোৱা হয়।

Exit mobile version