নাৰী শৰীৰ সলনি কৰি হৈছিল পুৰুষ, এতিয়া পুনৰ হ’ব বিচাৰে নাৰী

Isha Ismail became a man from a woman the process of becoming a woman again after six years

নিজৰ ইচ্ছাত কোনাে ব্যক্তিয়ে নাৰীৰ পৰা পুৰুষ ৰা পুৰুষৰ পৰা নাৰীলৈ পৰিবৰ্তিত হ’ব পাৰে নে? হয়, চিকিৎসা বিজ্ঞানৰ উন্নতিয়ে আজিৰ পৃথিৱীত ইয়াক সম্ভৱ কৰি তুলিছে।

ইয়াৰে এক প্ৰমাণ হৈছে আমেৰিকাৰ মিচিগানৰ ডেট্রয়েট নিবাসী ইছা ইছমাইল। ইছাই জন্মলাভ কৰিছিল নাৰী হিচাপে। কিন্তু পাছল তেওঁৰ নিজৰ শৰীৰ আৰু নাৰীত্ব অপছন্দ হ’বলৈ ধৰে আৰু ইছাই লিংগ পৰিৱৰ্তনৰ বাবে চিকিৎসকৰ কাষ চাপিছিল।

বর্তমানে ইছাৰ বয়স ২৬ বছৰ আৰু তেওঁ এজন পুৰুষ। ১৯ বছৰ বয়সত নিজকে ৰূপান্তৰকামী বুলি ঘােষণা কৰিছিল ইছাই। ২০১৫ বৰ্ষলৈকে আন কিশােৰীৰ দৰে ইছায়াে জীৱন যাপন কৰিছিল নাৰীৰ দৰে আৰু তেওঁৰ এজন প্রেমিকো আছিল।

কিন্তু হঠাতে নাৰীত্ব ইছাৰ ভাল নলগাঁ হয় আৰু তেওঁ পুৰুষলৈ শৰীৰ পৰিৱর্তনৰ সিদ্ধান্ত লয়। ইয়াৰ বাবে তেওঁ চিকিৎসক পৰামৰ্শ লয় আৰু চিকিৎসকে লিংগ পৰিবৰ্তনৰ অস্ত্রোপচাৰৰ দায়িত্ব গ্রহণ কৰে।

প্রথমে চিকিৎসকে অস্ত্রোপচাৰ কৰি ইছাৰ শৰীৰৰ পৰা স্তন দুটা আতৰ কৰে। ইয়াৰ লগে লগে আৰম্ভ হয় হ’ৰমন থেৰাপী। ইছাৰ শৰীৰত প্ৰয়ােগ কৰা হয় পুৰুষৰ হ’ৰমন টেষ্টোষ্টেৰন আৰু ১১ মাহৰ পাছত তেওঁৰ দেহত পুৰুষৰ লক্ষণ প্রকট হ’বলৈ ধৰে।

ছবছৰৰ হৰমন চিকিৎসাৰ পাছত ইছাৰ চেহেৰা সম্পূর্ণ পুৰুষ হৈ উঠিছিল। কিন্তু পুৰুষ হােৱাৰ পাছত সুখী হ’ব নােৱাৰিলে ইছা আৰু তেওঁ পুনৰ লিংগ পৰিবৰ্তনৰে নাৰী হ’ব বিচাৰিছে।

২০২১ ফেব্রুাৰীৰ পৰা ইছাই টেষ্টোষ্টেৰন ল’বলৈ বন্ধ কৰে আৰু চিকিৎসকৰ জৰিয়তে পুনৰ নাৰীলৈ শৰীৰ পৰিৱৰ্তনৰ প্রক্রিয়া আৰম্ভ কৰিছে। ইছাই প্ৰকাশ কৰা মতে হ’ৰমন চিকিৎসা বন্ধ কৰাৰ পাছত তেওঁ এতিয়া পুনৰ নাৰীত্ব অনুভৱ কৰিব পাৰিছে আৰু আগন্তুক সময়ত চিকিৎসাৰে তেওঁ পুনৰ সম্পূর্ণ নাৰীত পৰিণত হ’ব বুলি আশাবাদী।

Exit mobile version