Covid Death In America : আমেৰিকাত দুসপ্তাহত মৃত্যুৰ হাৰ বাঢ়িল ৩০ শতাংশ !

1644048292 america

বিশ্বৰ প্ৰতিখন দেশে কৰ’নাৰ নতুন ৰূপ অ’মিক্ৰনৰ স’তে যুঁজি আছে। ভাৰতকে ধৰি কেবাখনো দেশত কৰ’নাৰ সংক্ৰমণত কিছু হ্ৰাস হৈছে । কিন্তু ইয়াৰ মাজতে, আমেৰিকাত কৰ’নাৰ মৃত্যুৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে।

প্ৰতিবেদন অনুসৰি, আমেৰিকাত প্ৰতিদিনে গড়ে দুহেজাৰ ৬০০ জন লোক কৰ’নাত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে। ইতিমধ্যেই, আমেৰিকাত এই পৰ্যন্ত ন লাখ লোক কৰ’নাৰ বলি হৈছে।

কেৱল বিগত দুসপ্তাহত, কৰ’নাত মৃত্যুৰ হাৰ ৩০ শতাংশ বৃদ্ধি পাইছে ।

কৰ’না মহামাৰী আৰম্ভ হোৱাৰ পৰা বিগত বছৰৰ ডিচেম্বৰৰ মাজভাগলৈকে আমেৰিকাত মুঠ আঠ লাখ লোকৰ মৃত্যু হৈছে। কিন্তু বাকী বিগত সাত সপ্তাহত এক লাখ লোকৰ মৃত্যু হৈছে। অৰ্থাৎ সমগ্ৰ বিশ্বতে অ’মিক্ৰন বৃদ্ধি হোৱাৰ পাছৰ পৰা।

আমেৰিকাত মৃত্যুৰ হাৰ প্ৰথম বিশ্বৰ সকলো দেশতকৈ বহু বেছি। অৱশ্যে, কৰ’নাৰ মৃত্যুৰ অধিকাংশই টিকাকৰণ কৰা হোৱা নাই বুলি দেশৰ স্বাস্থ্য বিষয়াসকলে কয়।

মৃত্যুৰ বিষয়ে উদ্বেগ থাকিলেও দেশখনে কৰ’না ৰোগীৰ সংখ্যাৰ ক্ষেত্ৰত কিছু সকাহ পাইছে। ইয়াৰ উপৰিও, অ’মিক্ৰন আক্রান্তৰ সংখ্যাও হ্ৰাস পাইছে।

জানুৱাৰীৰ মাজভাগৰ পৰা, আমেৰিকাত কৰ’না ৰোগীৰ সংখ্যা হ্ৰাস পাই আহিছে। চিকিৎসালয়ত ভৰ্তি হোৱাৰ সংখ্যাও হ্ৰাস পাইছে।আক্ৰান্তৰ সংখ্যা কম, অথচ মৃত্যু অবিৰত। আৰু এই দেখি হতবাক বহুতো অতিমাৰী বিশেষজ্ঞ ।

Exit mobile version