Lata Mangeshkar: লতা মংগেশকাৰৰ শাৰীৰিক অৱস্থাৰ অৱনতি ,ৰখা হৈছে ভেন্টিলেছনত

navbharat times

লতা মংগেশকাৰৰ শাৰীৰিক অৱস্থাৰ অৱনতি । কিংবদন্তী গায়িকাগৰাকীক ৰখা হৈছে ভেন্টিলেছনত । কিছুদিনৰ আগতেই ক’ভিডত আক্ৰান্ত হৈছিল গায়িকাগৰাকী ।

বিগত মাহৰ ১১ তাৰিখে মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল লতাক । ৯২ বছৰীয়া গায়িকাগৰাকী নিউমোনিয়াত আক্ৰান্ত বুলিও ধৰা পৰিছিল।

শনিবাৰে মুম্বাইৰ চিকিৎসালয় কৰ্তৃপক্ষৰ দ্বাৰা এটা বিবৃতি জাৰি কৰা হৈছে। তাত কোৱা হৈছে ,”লতা মংগেশকাৰৰ শাৰীৰিক অৱস্থা পুনৰ অৱনতি হৈছে ।”

সংবাদ সংস্থাক দিয়া এক বিবৃতিত চিকিৎসালয়খনৰ এজন চিকিৎসকে কয়, “গায়িকাগৰাকীৰ শাৰীৰিক অৱস্থা সংকটজনক। তেওঁক ভেণ্টিলেটৰ ৰখা হৈছে। তেওঁ আইচিইউত আছে। তেওঁ চিকিৎসকৰ তত্বাৱধানত আছে। ”

Exit mobile version