Ukraine: সীমান্তত আক্ৰমণ কৰিব পাৰে ৰাছিয়াই,মোকাবিলাত ইউক্ৰেন সেনাক সহায় কৰিবলৈ সাজু আমেৰিকা

1644037765 ukraine

ৰাছিয়াই যুদ্ধ ঘোষণা কৰিলে “উত্তৰ” দিয়াৰ সতৰ্কবাণী দিছে ইউক্ৰেনে। উত্তেজনাৰ এই পৰিস্থিতিত ইউক্ৰেনৰ সেনাক সামৰিক সহায় আৰম্ভ কৰিলে আমেৰিকা সেনাই ।

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ নিৰ্দেশত, হেজাৰ হেজাৰ সৈন্যই ইতিমধ্যে ইউক্ৰেইন সীমান্তত ঘাটি স্থাপন কৰিছে। এই পৰিস্থিতিত, ইউক্ৰেইনৰ সেনাই সীমান্তৰ ইয়াভোৰিভ শিবিৰত এণ্টি-টেংক মিছাইল আৰু সশস্ত্ৰ বাহনৰ স’তে প্ৰশিক্ষণ আৰম্ভ কৰিছে।

চৰকাৰী সূত্ৰই জনোৱা অনুসৰি ,আমেৰিকা সামৰিক বাহিনীয়ে ইউক্ৰেইনক অস্ত্ৰ আৰু প্ৰশিক্ষণত সহায় কৰি আছে ।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ জেলেনস্কিয়ে শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ স’তে ৰাছিয়াৰ সম্ভাৱ্য আক্ৰমণৰ মোকাবিলা কৰিবলৈ আলোচনা কৰে।

ইয়াৰ পাছত, আমেৰিকাই ইউক্ৰেইনলৈ ২০ কোটি ডলাৰ (প্ৰায় ১,৫০০ কোটি টকা) সামৰিক সাহায্য প্ৰেৰণ কৰে। ইয়াৰ উপৰিও, ৰাছিয়াৰ আক্ৰমণৰ সন্মুখীন হোৱাৰ প্ৰশিক্ষণো আৰম্ভ কৰা হৈছে।

Exit mobile version