শ্বাহিদৰ স’তে নিশা কটোৱা কংগনাৰ বাবে দুঃস্বপ্ন

548403 shahid kangana story647121316055912

বলিউদত অতি কম তাৰকাহে আছে, যাৰ স’তে কংগনা ৰণৌটৰ সম্পর্ক ভাল। সমগ্র বলিউদকে তেওঁ স্বজন-তােষণৰ অভিযােগ তুলি ‘বুলিউদ’ আখ্যা দিছে। গতিকে ধৰি ল’ব পাৰি যে তাৰকা-সন্তান শ্বাহিদ কাপুৰৰ স’তেও কংগনাৰ সম্পর্ক বৰ মধুৰ নহয়।

অৱশ্যে শ্বাহিদে কেতিয়াও তেওঁৰ সহ-অভিনেত্রীৰ সমালােচনা কৰা নাই। যদিও এক সাক্ষাৎকাৰত কংগনাই শ্বাহিদৰ সম্পৰ্কত অনেক কথাই সদৰী কৰিছে। শ্বাহিদৰ স’তে হেনাে নিশা কটোৱাটো কংগনাৰ বাবে দুঃস্বপ্নৰ দৰে। বিশাল ভৰদ্বাজৰ ছবি ‘ৰেংগুন’ত শ্বাহিদ আৰু কংগনাই একেলগে অভিনয় কৰিছিল।

ছবিখনৰ চিত্রগ্রহণৰ সময়ত দুয়াে কিছুদিন জংঘলত তম্বু তৰি থাকিবলগীয়া হৈছিল। একেটা তম্বুতে নিশা কটাবলগীয়া হৈছিল তাৰকাদ্বয়ে। সেই দিনকেইটা হেনাে কংগনাৰ বাবে দুঃস্বপ্নৰ দৰে আছিল।

কংগনাই অভিযােগ কৰে যে প্রতিদিনেই পুৱা কাণ তাল মৰা গানত তেওঁৰ টোপনি ভাঙিছিল। শ্বাহিদে হেনাে নিচেই পুৱাই উচ্চস্বৰত গান বজাই শৰীৰ চৰ্চা কৰিছিল। শ্বাহিদৰ জ্বালাত কংগনাই বেলেগ তদ্ভুত থকাৰ অনুৰােধ জনাইছিল নির্মাতাক। অৱশ্যে তেওঁৰ সেই অনুৰােধ পূৰণ হৈছিল নে নাই, সেয়া অৱশ্যে অভিনেত্রীগৰাকীয়ে সদৰী কৰা নাই।

Exit mobile version