J&K :জম্বু-কাশ্মীৰ সীমান্তত বিএছএফ ৰ গুলিত দুই পাক চোৰাং ব্যৱসায়ী,উদ্ধাৰ ১৮০ কোটি টকাৰ মাদক

1640246576 bsf

জম্মু-কাশ্মীৰৰ চাম্বা চেক্টৰত সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ)গুলিত নিহত দুই পাক চোৰাং ব্যৱসায়ীক । গোপন সূত্ৰৰ খবৰ অনুসৰি দেওবাৰে

তেওঁলোকে আন্তৰ্জাতিক সীমান্তৰ ওপৰেৰে ড্ৰাগছ সৰবৰাহ কৰিবলৈ চেষ্টা কৰি আছিল বুলি অভিযোগ কৰা হৈছে। গোপন সূত্ৰৰ পৰা তথ্য পোৱাৰ পাছত দেওবাৰে পুৱতি নিশা বিএছএফে অভিযান আৰম্ভ কৰে। বিএছএফৰ সূত্ৰই জনাইছে যে তেওঁলোকৰ পৰা প্ৰায় ১৮০ কোটি টকাৰ হেৰোইন উদ্ধাৰ কৰা হৈছে।

এক বিবৃতিত বাহিনীৰ ফালৰ পৰা জনোৱা হৈছে , “ছয় ফেব্ৰুৱাৰীৰ পুৱতি নিশা বিএছএফক সতৰ্ক কৰি দিয়া হৈছিল যে তিনিজন ড্ৰাগছ সৰবৰাহকাৰীয়ে চাম্বা আন্তঃৰাষ্ট্ৰীয় সীমান্ত অতিক্ৰম কৰি ড্ৰাগছ লৈ দেশত প্ৰৱেশ কৰিছে।

তেওঁলোকৰ পৰা ৩৬ পেকেট (প্ৰায় ৩৬ কিলোগ্ৰাম) মাদক উদ্ধাৰ কৰা হৈছে।সেই সমূহ হেৰোইন বুলি চিনাক্ত কৰা হৈছে ।অঞ্চলটোত অনুসন্ধান চলি আছে। ‘ বিএছএফে দাবী কৰিছে যে এই অভিযানত ড্ৰাগছ সৰবৰাহ কাৰী চক্ৰটো উদ্ধাৰ কৰা হৈছে।

Exit mobile version