পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু নুমলীগড়ৰ ‘দেওপাহাৰ’

poiimg24 96c32225511e4a34126bade8888c16ab

অসমৰ পর্যটনৰ ক্ষেত্ৰখনত এটি চিনাকি নাম হ’ল ‘দেওপাহাৰ’। গােলাঘাট জিলাৰ বােকাখাত বিধানসভা সমষ্টিৰ অন্তর্গত নুমলীগড় তিনিআলিৰ পৰা ৩৯ নম্বৰ ঘাইপথেৰে দুই কিলােমিটাৰ আহিলেই পােৱা যায় দেওপাহাৰ। বিনন্দীয়া প্রাকৃতিক পৰিৱেশেৰে পৰিবেষ্টিত দেওপাহাৰৰ আছে এক সুকীয়া ঐতিহ্য।

বহুতাে মূল্যবান গছ-বন-লতাৰে আবৃষ্ট সেউজ তৃণভূমি দেওপাহাৰ অনেক জীৱ-জন্তু, চৰাই-চিৰিকটিৰ বিচৰণ ভূমি। ইয়াত বান্দৰ, হাতী, উৰণীয়া কেৰ্কেটুৱা আৰু বিভিন্ন প্রজাতিৰ পক্ষীকে আদি কৰি বন্য জীৱ-জন্তু সহজতে দৃশ্যমান হয়।

আনকি, বিভিন্ন সময়ত বনৰৌ, লতামেকুৰী বাঘ, নাহৰফুটুকী, অজগৰ, গুইকে আদি কৰি প্রাণীসমূহাে প্রত্যক্ষ কৰা হয়। আনহাতে, দেওপাহাৰ কেৱল প্রাকৃতিক পৰিৱেশতে সীমাবদ্ধ পর্যটনস্থলী নহয়।

ইয়াৰ আছে এক ঐতিহাসিক পটভূমি। বহুতাে প্রত্নতাত্বিক সমলেৰে সুউচ্চ দেওপাহাৰৰ সৌন্দৰ্যৰ ক্ষেত্ৰত সােণত সুৱগা চৰাইছে।

ইয়াৰ শৈল-ভাস্কর্যই মানৱ ইতিহাসৰ স্বাক্ষৰ বহণ কৰি আহিছে। ইয়াত শিলত খােদিত কৰা ত্ৰিপুৰাসুৰৰ সংসাৰৰ ৰুদ্র, বৃক্ষৰূপী ৰুদ্র, ত্ৰিপুৰাসুৰ বধৰ ৰণাংগন, দ্বাৰ পালকৰ ৰূপত শিৱ, যম, শিৰাধাৰী ৰুদ্ৰৰ চোলা-চুৰিয়া পৰিধান, লক্ষ্মী নাৰায়ণ, হৰ-গৌৰীৰ লীলা, সর্প দেৱতা, শিৱলিংগৰূপী দেউশালৰ ঘােটা, প্রানায়াম ধ্যান, তেল বৃক্ষ, পদ্মচক্র, ৰাম আৰু সুগ্রীৱৰ মিত্রতা স্থাপনকে আদি কৰি মূর্তি বিদ্যমান।

উল্লেখ্য যে এই আপুৰুগীয়া শিল্পসমূহ মসুনকৈ গ্রেণাইট শিলত খােদিত কৰা হৈছে। জনশ্রুতি অনুসৰি, দেওপাহাৰত এটা প্রাচীন মন্দিৰ আছিল আৰু ১৮৯৭১ বৰ ভূঁইকপত বিধ্বস্ত হৈ পৰে। ইয়াৰ অৱশিষ্ট স্বৰূপে এই শৈল-ভাস্কর্যসমূহ থকা বুলি বিভিন্নজনে মত প্রকাশ কৰিছে।

ইপিনে, জনশ্রুতি অনুসৰি সেই মন্দিৰৰ শিৱমূর্তি নি দেওপাহাৰৰ নামনিত নুমলীগড় বাবাথান স্থাপন কৰা হৈছে। আনহাতে, এক কিংবদন্তি অনুসৰি, এই দেওপাহাৰত ভীম-জৰাসন্ধৰ যুঁজ হৈছিল।

সেয়েহে, ইয়াক জৰাসন্ধ পাহাৰ বুলিও কোৱা যায়।চৌদিশে সেউজ-সুন্দৰ পৰিৱেশৰ মাজতে নুমলীগড় তিনিআলিৰ পৰা ঘাইপথলৈ সােমাই আহিলেই বিস্তৃত অঞ্চলত সামৰি থকা যােৰহাট চাহ কোম্পানীৰ বাগিচাৰ মনােমােহা পৰিৱেশেও পর্যটকক আকৃষ্ট কৰে।

লগতে দেওপাহাৰৰ নামনিৰ ৰাষ্ট্ৰীয় পথৰ দাঁতিত থকা এটা প্রকাণ্ড ভেলৌ গছত থকা বৰমৌৰ বাহেও এক অনন্য মাত্রা প্রদান কৰে। নুমলীগড় তিনিআলিৰ পৰা আহিলে বাওঁফালে থকা এই দেওপাহাৰ বগাবলৈ সকলাে যাত্রীৰে ইচ্ছা থাকে।

সেয়েহে হয়তাে প্রতিদিনেই এই দেওপাহাৰত মানুহৰ সমাগম দেখিবলৈ পােৱা যায়। কেন্দ্রীয় চৰকাৰৰ প্রত্নতত্ত্ব বিভাগেও বিগত সময়ছােৱাত বিভিন্ন আঁচনি ৰূপায়ণ কৰি দেওপাহাৰক পৰিস্কাৰ তথা সুন্দৰকৈ গঢ় দিছে।

পাহাৰ বগাবলৈ এটা দিছে সুন্দৰ ৰেলিংযুক্ত চিৰি আৰু আনটো দিশে ৰেম্পৰ নিৰ্মাণ কৰা হৈছে। দেওপাহাৰৰ ওপৰৰ অংশত সিচঁৰিত হৈ থকা শৈল কৃতিচিহ্নসমূহৰ প্রায় আধাখিনি সজাই তুলিছে।

যিয়ে ইয়াৰ আৰু অধিক আকর্ষণ বৃদ্ধি কৰা দেখা যায়। ইপিনে, দেওপাহাৰৰ নামনিত সম্প্রতি চাহ-তামােলৰ দোকান দি ক্ষুদ্র ব্যৱসায়ী সংস্থাপিত হৈছে যদিও জনসাধাৰণে বিচৰাৰ দৰে এতিয়াও দেওপাহাৰ সৰ্বাংগ সুন্দৰ হৈ উঠাগৈ নাই।

কিয়নাে, দেওপাহাৰৰ ১৩৫ হেক্টৰ ভূমিক সাঙুৰি ১৯৯৯তে প্রস্তাৱিত সংৰক্ষিত বনাঞ্চল ৰূপে ঘােষণা হােৱাৰ পাছতাে আজি পর্যন্ত পূর্ণ পর্যায়ৰ বনাঞ্চলৰ মৰ্যদা দেওপাহাৰে লাভ নকৰিলে। তদুপৰি, পর্যটনৰ সুবিধাৰ বাবে নির্মিত ভৱনৰাে আজি পর্যন্ত উদ্বোধন কৰা নহ’ল।

এনে ক্ষেত্ৰত প্ৰচুৰ পর্যটনৰ সম্ভাৱনাপূর্ণ দেওপাহাৰক আৰু অধিক পর্যটনৰ আকৰ্ষণৰ কেন্দ্রবিন্দুলৈ উন্নীতকৰণৰ নিমিত্তে শীঘ্ৰে পূৰ্ণ পৰ্যায়ৰ সংৰক্ষিত বনাঞ্চলৰ মর্যাদা দিয়াৰ লগতে পাহাৰৰ ওপৰত এতিয়াও সিঁচৰতি হৈ থকা শৈল-ভাস্কর্যসমূহকো সজাই তােলাৰ ক্ষেত্ৰত বােকাখাত সমষ্টিৰ বিধায়ক তথা কৃষিমন্ত্রী অতুল বৰাক ব্যৱস্থা গ্ৰহণৰ বাবে গােলাঘাট জিলা আপকু, নুমলীগড় সাংবাদিক সংস্থা, কামাৰগাঁও আঞ্চলিক সাংবাদিক সংস্থা, মৰঙি প্ৰেছ ক্লাৱ, ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, ছাত্র মুক্তি সংগ্রাম সমিতিকে আদিয়ে আহ্বান জনাইছে।

Exit mobile version