চৰকাৰৰ উন্নয়নৰ ফোপলা স্বৰূপ উদঙাই দিছে কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত শওঁপুৰৰ পৰা কলগাছিয়ালৈ যোৱা গড়কাপ্তানি পথছোৱাই।
যোৱা বাৰিষাত বেঁকী নদীৰ তীব্ৰ গৰাখহনীয়াৰ ফলত পথটোৰ এক তৃতীয়াংশ নদীৰ বুকুত জাঁহ গৈছে। অতি ব্যস্ততাপূৰ্ণ পথটো পুনৰ নিৰ্মাণ নকৰাৰ ফলত যমৰ যাতনা ভুগিবলগীয়া হৈছে হেজাৰ হেজাৰ পথচাৰী আৰু স্থানীয় লোকে।
তীব্ৰ গৰাখহনীয়াৰ সময়ত পথছোৱা বচাবলৈ লৰাঢপৰাকৈ বাঁহৰ পাৰ্কোপাইন আৰু জিঅ বেগেৰে কিছু কাম কৰিছিল যদিও খৰালি কালত পথটো পুনৰ নিৰ্মাণৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।
বাৰিষাৰ পূৰ্বেই পথটো পুনৰ নিৰ্মাণৰ বাবে চৰকাৰৰ ওচৰত স্থানীয় ৰাইজে দাবী জনোৱাৰ লগতে গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাৰো দৃষ্টি আকৰ্ষণ কৰিছে।