Covid-19 Vaccination : টিকাকৰণৰ বাবে বাধ্যতামূলক নহয় আধাৰ কাৰ্ড

1642767418 vaccination

কৰ’না প্ৰতিষেধক গ্ৰহণৰ বাবে আধাৰ কাৰ্ডৰ তথ্য বাধ্যতামূলক নহয় বুলি কেন্দ্ৰই আজি জনালে উচ্চতম ন্যায়ালয়ক।শীৰ্ষ ন্যায়ালয়ক নৰেন্দ্ৰ মোদী চৰকাৰে জনাইছে , ক’ভিড-১৯ টিকাকৰণৰ বাবে কো-উইন পৰ্টেলত আধাৰ সকলো যাৱতীয় তথ্য প্ৰদান কৰাটো বাধ্যতামূলক পূৰ্ব-চৰ্ত নহয়।

তাৰ পাছতে আদালতে নিৰ্দেশ দিছে যে ভেকছিন গ্ৰহণ কৰাৰ ক্ষেত্ৰত আধাৰ দেখুৱাবলৈ বাধ্য কৰিব নোৱাৰিব। অভিযোগ আছিল যে কে’বাটাও টিকাকৰণ কেন্দ্ৰই কৰ’না ভেকছিন লোৱাৰ সময়ত আধাৰ দেখুওৱাৰ ওপৰত জোৰ দি আছিল। মহাৰাষ্ট্ৰৰ পুনেৰ এজন উকীল আৰু সমাজকৰ্মী সিদ্ধাৰ্থ শংকৰ শৰ্মাই এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থৰ গোচৰ ৰুজু কৰিছিল।

গোচৰটোৰ শুনানি ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু ন্যায়াধীশ সূৰ্য কান্তৰ বিচাৰপীঠে কৰিছিল। আদালতে সংশ্লিষ্ট কৰ্তৃপক্ষক জনায় যে ভেকছিন প্ৰদানৰ ক্ষেত্ৰত আধাৰ কাৰ্ডক একমাত্ৰ পৰিচয় পত্ৰ হিচাপে গণ্য কৰিব নোৱাৰি।

উচ্চতম ন্যায়ালয়ে কয়, “স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এখন শপতনামা দাখিল কৰিছে। ইয়াত বিশেষভাৱে কোৱা হৈছে যে ক’উইন পৰ্টেলত নাম ভৰ্তি কৰাৰ বাবে আধাৰ কাৰ্ড বাধ্যতামূলক নহয়, নখন নথিৰ যিকোনো এটা দেখুৱাব পাৰি। টিকাকৰণ কৰোঁতেও আধাৰ কাৰ্ড দেখুওৱাটো বাধ্যতামূলক নহয়। সকলো সংশ্লিষ্ট কৰ্তৃপক্ষই স্বাস্থ্য মন্ত্ৰালয়ৰ নীতি অনুসৰি কাম কৰিব লাগিব। ”

মন্ত্ৰালয়ৰ অধিবক্তা অমন শৰ্মাই আদালতক জনাইছে যে কৰ’না ভেকছিন প্ৰাপ্ত কৰাৰ বাবে আধাৰ একমাত্ৰ পূৰ্ব-চৰ্ত নহয়। ৮৭ লাখ লোকে কোনো পৰিচয় পত্ৰ অবিহনে ভেকছিন গ্ৰহণ কৰিছে। ৰাজহুৱা স্বাৰ্থৰ গোচৰত আবেদন কৰা হৈছিল ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ কো-উইন পৰ্টেলত প্ৰয়োজনীয় পৰিৱৰ্তন কৰিবলৈ নিৰ্দেশ দিয়া হ’ব। পৰ্টেলত আপডেটৰ বাবে এটা আবেদনও কৰা হৈছিল।

জনস্বাৰ্থৰ মোকৰ্দমা আবেদনকাৰী সিদ্ধাৰ্থ শংকৰে কয় যে আধাৰ কাৰ্ডখন যি ধৰণে চাবলৈ বিচৰা হৈছে সেয়া স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ নীতিৰ বিৰোধী।

দেশৰ সামগ্ৰিক কৰ’না ছবিখন কিছু পৰিমাণে আশ্বাসজনক। দেশত দৈনিক কৰ’না সংক্ৰমণ এক লাখৰ তললৈ হ্ৰাস পাইছে। এইটো যোৱা এমাহত আটাইতকৈ কম। আজি পুৱা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা পৰিসংখ্যা অনুসৰি, ছয় জানুৱাৰীৰ পাছত দৈনিক সংক্ৰমণ প্ৰথমবাৰৰ বাবে এক লাখৰ তললৈ হ্ৰাস পাইছে।

Exit mobile version