Pravin Kumar Sobti : হৃদৰোগত আক্ৰান্ত হৈ প্ৰয়াত মহাভাৰতৰ ‘ভীম’ প্ৰবীনকুমাৰ সবতিৰ

jpg 1

জনপ্ৰিয় টেলিচিৰিয়েল ‘মহাভাৰত’ৰ ‘ভীম’ প্ৰবীণকুমাৰ সবতীৰ (৭৫) দেহাৱসান । সোমবাৰে নিশা প্ৰায় ৯.৩০ বজাত দিল্লীৰ বাসগৃহত মৃত্যু হয় অভিনেতাজনৰ ।

বি আৰ চোপ্ৰা জনপ্ৰিয় ধাৰাবাহিক ‘মহাভাৰত’ত ভীমৰ চৰিত্ৰত অভিনয় কৰিছিল প্ৰবীণে। ধাৰাবাহিকখনত তেওঁৰ চৰিত্ৰৰ বাবে তেওঁক ‘ভীম’ নামেৰেই অধিক পৰিচিত আছিল ।

মহাভাৰতৰ উপৰিও প্ৰবীণে অমিতাভ বচ্চন অভিনীত ‘শ্বাহেনশ্বাহ’ আৰু ধৰ্মেন্দ্ৰ অভিনীত ‘লোহা’ ছবিতো দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰে।

‘আজি কা অৰ্জুন’, ‘আজুবা’, ‘ঘায়েল’ৰ দৰে কেবাখনো চলচ্চিত্ৰতো অভিনয় কৰিছিল প্ৰবীণে।

যদিও তেওঁ এজন অভিনেতা হিচাপে তেওঁৰ পেছাদাৰী কেৰিয়াৰ আৰম্ভ কৰিছিল,তেওঁ আছিল এজন ভাল এথেলিকো ।

তেওঁ চাৰিবাৰ এছিয়ান গেমছত সোণৰ পদকো জিকিছে। তেওঁ ১৯৬৮ চনত মেক্সিকো আৰু ১৯৭২ চনত মিউনিখ অলিম্পিকক প্ৰতিনিধিত্ব কৰিছিল।

অৰ্জুন বঁটা বিজয়ী। তেওঁ সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ) এজন উপ-কমাণ্ডেণ্টো আছিল।

Exit mobile version