আমেৰিকাৰ পুথিভঁৰালত গ্ৰন্থ পঢ়িবলৈ শাৰী পাতিছে পাঠকে

আঠ বছৰ বয়সতে উপন্যাস লিখি শিশুৰ চমক

img 20220202 222357 329 wide 75028c2df7e34b0dddceaadd254103e10634a14c s400 c85

প্রতিভা যদি থাকে, সেয়া যিকোনাে প্রকাৰে প্রকাশ পাবই। যিকোনাে সময়তে সেই প্রতিভাই আনৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰে। সেই কথাই পুনৰ প্রমাণ কৰিলে আমেৰিকাৰ এটি আঠ বছৰীয়া শিশুৱে।

এই কম বয়সতে এখন উপন্যাস ৰচনা কৰি নিশাৰ ভিতৰতে খ্যাতি অর্জন কৰিলে জিলন হেলবিগ নামৰ শিশুটিয়ে। খ্যাতিৰ সমান্তৰাললৈ শিশুটিয়ে জয় কৰিলে শ্রেষ্ঠ যুৱ লেখকৰ ‘হুডিনি বঁটা’ও।

ডিলনৰ এই সাফল্যৰ আঁৰত আছে এক মজাৰ ঘটনা। এদিন আইতাকৰ স’তে এটা স্থানীয় পুথিভঁৰালত উপস্থিত হৈছিল ডিলন। শিশুটিৰ হাতত আছিল নিজ হাতে লিখা এখন ৰঙা নােটবুক।

ইতিমধ্যে সেই নােটবুকতে ডিলনে লিখি উলিয়াইছিল এখন দীঘল উপন্যাস।নাম ৰাখিছিল ‘দ্য এডভেঞ্চাৰ্ছ অৱ ডিলছ ক্রিছমিছ’।

৮৮ পৃষ্ঠাৰ সেই নােটবুক হাতত লৈয়ে ডিলনে আইতাকৰ স’তে পুথিভঁৰালত ইফালৰ পৰা সিফাললৈ ঘুৰি ফুৰিছিল। তেতিয়াই শিশুটিৰ মূৰত এক বুদ্ধি খেলালে।

হঠাৎ ডিলনে পুথিভঁৰালৰ শিশুগ্ৰন্থৰ বিভাগত নােটবুকখন ৰাখি থ’লে। আনকি ডিলনৰ এই কার্যৰ উমান আইতাকেও নাপালে।

প্রায় দুদিনৰ পাছত ডিলনে আইতাকৰ সেই ঘটনা জানিবলৈ দিয়ে। আইতাকে শুনি হতবাক হ’ল। তেওঁ নােটবুকখন অনাৰ বাবে উক্ত পুথিভঁৰালত উপস্থিত হ’লগৈ আৰু ঘটনা দেখি হতবাক হ’ল।

কিয়নাে ডিলনৰ হাতে লিখা সেই উপন্যাস পঢ়াৰ বাবে পুথিভঁৰালত পাঠকে দীঘলীয়া শাৰী পাতি অপেক্ষা কৰি আছিল। পুথিভঁৰাল খাতাত আগতীয়া বুকিঙৰ তালিকাখনাে আছিল যথেষ্ট দীঘল। নিশাৰ ভিতৰতে বিভিন্ন বয়সৰ পঢ়ুৱৈৰ মাজত ডিলনৰ গ্ৰন্থ পঢ়াৰ হাবিয়াস জন্মিছিল।

এনেকুৱা ঘটনা ঘটিব বুলি ডিলনৰ পৰিয়ালে কল্পনাও কৰিব পৰা নাছিল। সম্প্রতি ডিলন আৰু তেওঁৰ নােটবুকখন হৈ পৰিছে আমেৰিকাৰ ‘বেষ্ট ছেলাৰ’।

কি আছে এই গ্রন্থত? জনা গৈছে যে ডিলনৰ পৰিয়ালৰ বৰদিন পালনক কেন্দ্র কেতবােৰ মজাৰ কথা লিখা হৈছে। লগতে নিজাববীয়াকৈ তেওঁ ছবিও আঁকিছে। গ্রাফিক নভেলৰ কায়দাত ডিলনৰ এই নােটবুক উপন্যাস দেখি নামী লেখকসকলাে আপ্লুত হৈ পৰিছে।

সামাজিক মাধ্যমত বিয়পি পৰিছে। গ্রন্থখনৰ সমালােচনাও। অৱশ্যে এই সমগ্র ঘটনাত শিশু ডিলন একেবাৰে নিৰুত্তাপ। শিশুটিয়ে যেন সেইবােৰ একোৱেই গম পােৱা নাই। স্বাভাৱিক শিশুৰ দৰেই দিন কটাইছে ইতিমধ্যেই বিখ্যাত হৈ পৰা শিশুটিয়ে।

Exit mobile version