ভাওঁৰাগুৰীৰ সাতবিলত মৰাপাট কঢ়িওৱা ট্ৰাকত ভয়ংকৰ অগ্নিকাণ্ড,

7aafbea4 eceb 44fe ad5c d741640867ba

কোকৰাঝাৰ জিলাৰ ভাওৰাগুৰীৰ সাতবিলত মৰাপাট কঢ়িওৱা MP 09 HH 7628 নম্বৰৰ ট্ৰাকত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়।

তথ্য অনুসৰি বিদ্যুৎৰ তাৰ লাগি উক্ত অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডত ১০ লাখ টকাৰ মৰাপাট জ্বলি ভষ্মিভূত হয় যদিও কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই বুলি জানিব পৰা গৈছে।

ৰাইজে অভিযোগ কৰা মতে, ভাওঁৰাগুৰীত সঘনাই এনেধৰণৰ অভাৰলোড গাড়ী পাৰ হয় যদিও ভাওঁৰাগুৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ব্ৰিজেশ কুমাৰে কোনো ধৰণৰ ব্যাবস্থা গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে।

লগতে ৰাইজে অভিযোগ উত্থাপন কৰিছে যে ভাওঁৰাগুৰীৰ আৰক্ষীয়ে মোটা অংকৰ ধনলৈ উক্ত অভাৰলোড গাড়ীসমুহ পাৰ কৰাৰ অনুমতি প্ৰদান কৰে।

ৰাইজে উৰ্ধতম কতৃপক্ষক উক্ত বিষয়টো চালিজাৰি চাবলৈ দাবী জনাইছে নহলে আগন্তুক দিনত আকৌ এনেধৰণৰ ভয়াৱহ দুৰ্ঘটনা সংঘটিত হব বুলি সমাজ সচেতন ৰাইজে অনুমান কৰিছে।

Exit mobile version