আদানীক অতিক্ৰম কৰি পুনৰ এছিয়াৰ ধনাঢ্যৰ শীৰ্ষত মুকেশ আম্বানী

027bce101592ba6fbb283c5db7c98f88 original

বিগত কিছুদিন ধৰি সম্পত্তি আহৰণৰ প্ৰতিযােগিতাত পৰস্পৰক তীব্র প্রত্যাহ্বান জনাই আহিছে ভাৰতৰ দুই সবাতােকৈ ধনাঢ্য উদ্যোগপতি ৰিলায়েন্স ইণ্ডাষ্ট্রিজৰ মুকেশ আম্বানী আৰু আদানী গ্রুপৰ গৌতম আদানীয়ে।

যােৱা শুকুৰবাৰে আম্বানীক অতিক্ৰম কৰি আদানী ভাৰতৰ সবাতােকৈ ধনাঢ্য ব্যক্তি হিচাপে স্বীকৃত হৈছিল। কিন্তু বুধবাৰে পুৱা আকৌ এবাৰ আম্বানীয়ে দেশৰ ধনাঢ্য ব্যক্তিৰ তালিকাত শীর্ষ স্থান দখল কৰিলে।

বুধবাৰে পুৱা ফবছৰ ধনাঢ্য ব্যক্তিৰ তালিকাত আকৌ এবাৰ দশম স্থান দখল কৰিলে আম্বানীয়ে। আম্বানীয়ে দশম স্থান লাভ কৰাৰ বিপৰীতে একাদশ স্থানলৈ অৱনমিত হ’ল আদানী।

ফ’বছৰ তথ্য অনুসৰি, বুধবাৰে পুৱা আম্বানীৰ সম্পত্তিৰ পৰিমাণ ৯০.৩ বিলিয়ন ডলাৰ হােৱাৰ বিপৰীতে আদানীৰ সম্পত্তিৰ পৰিমাণ হ’ল ৮৯.৩ বিলিয়ন ডলাৰ।

বুধবাৰে আদানীৰ সম্পত্তিৰ পৰিমাণ ২.২ বিলিয়ন ডলাৰ হ্রাস পায়। বিশ্বৰ ধনাঢ্য ব্যক্তিৰ এই তালিকাত সম্প্রতি ২৩৯ বিলিয়ন ডলাৰৰ সম্পত্তিৰে প্রথম স্থানত আছে টেছলাৰ মুৰব্বী এলন মাস্ক।

Exit mobile version