বিদেশৰ পৰা অহা যাত্ৰীসকলৰ বাবে নিয়ম সলনি কৰিলে স্বাস্থ্য মন্ত্ৰালয়ে

flights

ক্ৰমান্বয়ে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে ক’ভিড পৰিস্থিতি । লাহে লাহে শিথিল কৰা হৈছে নিষেধাজ্ঞাসমূহ । এইবাৰ, বিভিন্ন দেশৰ পৰা অহা নাগৰিকসকলৰ বাবে নিয়ম শিথিল কৰিলে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে । বৃহস্পতিবাৰে এই সন্দৰ্ভত নতুন নিৰ্দেশনা প্ৰকাশ কৰিছিল তেওঁলোকে।

ADVERTISEMENT

নতুন নিৰ্দেশনা অনুসৰি, বিদেশৰ পৰা আহিলে সাত দিনৰ বাবে কোৱাৰেন্টাইনত থকাটো বাধ্যতামূলক নহয়। ইয়াৰ পৰিৱৰ্তে, স্বাস্থ্য মন্ত্ৰালয়ে কয় যে তেওঁলোকে ১৪ দিন ‘আত্ম-নিৰীক্ষণ’ত থাকিব লাগিব।

বিমানত উঠাৰ কমেও ৭২ ঘণ্টা আগতে কৰা আৰ.টি.পি.চি.আৰ. ৰিপৰ্ট ‘এয়াৰ সুবিধা’ পৰ্টেলত আপলোড কৰিব লাগিব। কিন্তু তাৰ পৰিৱৰ্তে কৰ’নাৰ প্ৰাৰম্ভিক টিকাকৰণ প্ৰমাণপত্ৰও দাখিল কৰিব পাৰি। অৰ্থাৎ, যদি ভেকছিন লোৱা হয় যাত্ৰীসকলে আৰটিপিচিআৰ প্ৰতিবেদন অবিহনে বিমানখনত উঠিব পাৰে। এই নিয়ম কেৱল আমেৰিকা, ব্ৰিটেইন আৰু বাংলাদেশৰ দৰে ৭২ খন দেশৰ বাবে প্ৰযোজ্য। নতুন নিয়মসমূহ ১৪ ফেব্ৰুৱাৰীৰ পৰা কাৰ্যকৰী হ’ব।

বিমানত উঠিব পাৰিব উপসর্গহীন লোক। অৱশ্যে, বিমানত, তেওঁলোকে সঠিক কৰ’নাবিধি আৰু শাৰীৰিক দূৰত্ব বজাই ৰাখিব লাগিব। অৱশ্যে, বিমানবন্দৰত থাৰ্মাল স্ক্ৰীণিং, দুই শতাংশ যাত্ৰীয়ে আগৰ দৰে আৰ.টি.পি.চি.আৰ. কৰাব।

Exit mobile version