বিদ্যূৎ সংযোগৰ দাবীত কলগাছিয়াৰ চৰচৰীয়া চৰত ৰাইজৰ প্ৰতিবাদ

বৰপেটাৰোড্ বিদ্যূৎ সংমণ্ডল তথা কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত চৰচৰীয়া চৰত আজি অৰ্ধশতাধিক পুৰুষ-মহিলাই বৰপেটাৰোড্ বিদ্যূৎ সংমণ্ডলৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

চৰচৰীয়া চৰ এলেকাধীন চৰচৰিয়া, মিনিছিমলা, শ্ৰীৰামপুৰ, কুৰুবাহা, জিকনিকুৰা, বৰদাঙা, হাজিপাৰা, আছিয়াৰাপাৰা আদি পাঁচ খন গাঁৱৰ দুই সহস্ৰাধিক পৰিয়াল বিগত ন মাহ ধৰি বিদ্যূত সেৱাৰ পৰা বঞ্চিত হৈ আহিছে।

চৰচৰীয়া চৰৰ ৰাইজে স্থানীয় বিধায়ক আৰু এছ ডি অৰ ওচৰত কেবাবাৰো গৈছে যদিও বৰপেটাৰোড্ বিদ্যূৎ সংমণ্ডলৰ এছ ডি অ গৰাকীয়ে ৰাইজক কোন গুৰুত্ব নিদি এছ ডি অ গৰাকীয়ে কাণ্ড জ্ঞানহীন ভাৱে ৰাইজক নিজে নিজেই বিদ্যূৎ সংযোগ কৰি ল’বলৈ পৰামৰ্শ আগবঢ়োৱাৰ এক ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে চৰৰ ৰাইজে।

বিগত ন মাহ ধৰি বিদ্যূৎ নথকাৰ ফলত সমাগত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ছাত্ৰ-ছাত্ৰীৰ কাৰণে ভীষণ অসুবিধা হৈছে। উপায়ন্তৰ হৈ আজি চৰচৰীয়া চৰৰ পুৰুষ-মহিলাই বিদ্যূৎ বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টি আকৰ্ষণ কৰে।

Exit mobile version