Viral : জালত উঠিল ৪৫০ কেজি ওজনৰ ব্লু ফিন টুনা ! কিন্তু ক’ত ?

৪৫০ কেজি ওজনৰ ব্লু ফিন টুনা মাছ ধৰা পৰিল এগৰাকী মাছমৰীয়াৰ জালত । কেবাকোটি টকা দাম এই বিপন্ন প্ৰজাতিৰ মাছৰ মূল্য । নাওখনত কঢ়িয়াই অনা বৃহৎ মাছটোৰ ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত ।

মাছটো ধৰা পৰিছে আমেৰিকাৰ নিউ হেম্পশায়াৰৰ হেম্পটন বীচত । মাছটো মিচেল বেনচাউথজ চিচেল নামৰ এগৰাকী মহিলা মাছমৰীয়াৰ জালত ধৰা পৰে । তেওঁ কি দৰে মাছটো নিজৰ নাওত এটা হাতেৰেই তুলি আনিছিল তাৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে ইনষ্টাগ্ৰামত ।

এইয়াই প্ৰথম নহয় ,ইয়াৰ আগতেও মিচেলে এটা ডাঙৰ মাছ ধৰিছে। ২০২১ চনত, তেওঁৰ জালত ১২০ কিলোগ্ৰাম ওজনৰ এটা মাছ ধৰা পৰিছিল।

বিগত অক্টোবৰত, মিচেলে ৬৪৩ কিলোগ্ৰাম ওজনৰ এটা ব্লু ফিন টুনা মাছ ধৰি সাংবাদত শিৰোনাম দখল কৰিছিল। ২০১৫ চনৰ পৰা সাগৰত মাছ ধৰি আছে মিচেলে । অৱশ্যে, ৬৪৩ কিলোগ্ৰাম ওজনৰ টুনাটো ধৰাৰ পাছত, এই মহিলা মাছমৰীয়াগৰাকী যথেষ্ট পৰিচিত হৈ পৰিছে।

২০১৯ চনত, ২৭৪ কেজি ওজনৰ এটা নীলা ফিন টুনা বিক্ৰী হৈছিল ৩১ লাখ ডলাৰত যি ভাৰতীয় মুদ্ৰাত ২৩কোটি ২৩ লাখ ৩১ হেজাৰ টকা ।

Exit mobile version