শৌচাগাৰৰ অভাৱ, দুৰ্ভোগ জৰাজীৰ্ণ ৰূপত ভাওঁৰাগুৰীৰ সমূহীয়া শৌচাগাৰ

d8c9c58e db76 47fa 8dab b969e5e90b43

যিসময়ত চৰকাৰে স্বচ্ছ ভাৰত গঢ়াৰ পৰিকল্পনা কৰি আছে। ঠিক সেই সময়তে কোকৰাঝাৰ জিলাৰ ভাওৰাগুৰী বজাৰত শৌচাগাৰৰ অভাবত ৰাইজে দুৰ্ভোগ ভূগিবলগীয়া হৈছে।

ভাওঁৰাগুৰী বজাৰত দীৰ্ঘদিনৰ পৰা শৌচাগাৰৰ অভাবত ভুগি আছে ৰাইজে। ভাওঁৰাগুৰী বজাৰত থকা শৌচাগাৰটো দীৰ্ঘদিনৰ পৰা বেয়া হৈ থকাৰ ফলত পূৰুষসকলে যত তত শৌচ কৰা পৰিলক্ষিত হৈছে।

ভাওঁৰাগুৰী বজাৰত শৌচাগাৰ নথকাৰ ফলত মহিলাসকলৰ বহুত অসুবিধা হৈছে বুলি জানিবলৈ দিয়ে একাংশ মহিলাই।

ভাওঁৰাগুৰী বজাৰত থকা শৌচাগাৰটো দীৰ্ঘদিনৰ পৰা জৰাজীৰ্ণ হৈ থকাৰ ফলত এতিয়া বয়লাৰ বিক্রেতাসকলে বয়লাসমুহ ৰখা পৰিলক্ষিত হৈছে। ৰাইজে অতি সোনকালে ভাওঁৰাগুৰী বজাৰত শৌচাগাৰৰ ব্যাবস্থা কৰি দিবলৈ চৰকাৰক দাবী জনাইছে।

Exit mobile version