হিমন্ত বিশ্ব শৰ্মাৰ কেবাটাও গুৰুত্বপূৰ্ণ ঘোষণা

himanta biswa sarma

দলীয় বৈঠকত মুখ্মন্ত্ৰীৰ ভাষণ

★ চান্দা সংস্কৃতিৰ বিৰুদ্ধে পুনৰ সৰৱ মুখ্যমন্ত্ৰী

★ বিধায়ক মন্ত্ৰীৰ লগত থকা মানুহক টিকট দিয়াত অসুবিধা হোৱাৰ কথাও সোৱঁৰিলে মুখ্যমন্ত্ৰীয়ে।

★ৰাজ্যৰ তৰফৰ পৰাও এখন ইস্তাহাৰ থাকিব বিজেপিৰ।

★ ৭০% পূৰণ কৰিব পৰা প্ৰতিশ্ৰুতিহে পৌৰ সভাত দিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

• এজিপি-বিজেপি ৰ মিত্ৰতা থাকিব। কিন্তু যদি কৰবাত বন্ধুত্বপূৰ্ণ প্ৰতিদ্বন্দিতা আগবঢ়াবলগীয়া হয় তেন্তে অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নকৰিবলৈ আহ্বান দলীয় কৰ্মকৰ্তাক। AGPৰ প্ৰফুল্ল মহন্তৰ দিনৰ কথাক লৈ সমালোচনা কৰি ৰাজ্যৰ ৰাজনীতিত ভালদৰে চলি থকা AGP-BJPৰ মিত্ৰতাত আচোৰ নেপেলাবলৈ অনুৰোধ।

★সকলোৰে হৃদয়ত মুখ্যমন্ত্ৰীৰ ফটো যোৱাকৈ কাম কৰিবলৈ আহ্বান। অধিক ভাৱে সকলোতে মুখ্যমন্ত্ৰীৰ ফটো ব্যৱহাৰ কৰি লাজ নিদিবলৈ আহ্বান।

 

উন্নয়ন

★ নগৰ আৰু গাওঁ উভয়ৰে আন্তঃগাঁঠনি দুৰ্বল বুলি স্বীকাৰ মুখ্যমন্ত্ৰীৰ।

★গুৱাহাটী জেইল খন উঠি যোৱাৰ লগে লগেই সেই স্থানত বৃহৎ বৃহৎ বঁটানিকেল গাৰ্ডেন তৈয়াৰ কৰা হ’ব।

★ প্ৰত্যেক খন টাউন কমিতিত এখনকৈ মুকলি ষ্টেডিয়াম আৰু এখনকৈ মিনি ষ্টেডিয়াম নিৰ্মাণৰ পৰিকল্পনা

★অমৃত আঁচনিৰ অধীনত খোৱা পানীৰ ব্যৱস্থা কৰাৰ আশ্বাস

★ এই বছৰৰ বাজেটত ৩২ খন জেইল বনোৱাৰ সিদ্ধান্ত লোৱা হ’লে দুই বছৰত নিৰ্মান সম্পূৰ্ণ কৰিব পৰা যাব।

★ চাৰি/পাঁচ বছৰৰ প্ৰয়োজন হ’ব আটাইখিনি কাম শেষ কৰিবলৈ

★এবছৰত ১০ টা ডিচি অফিচ বনোৱাৰ কাম হাতত লোৱা হৈছে

★ প্ৰতিখন চহৰৰ উপায়ুক্ত কাৰ্যালয় এতিয়াৰে পৰা integreted হ’ব। সৰু সৰু সকলোবোৰ অফিচ একেটা স্থানতে থাকিব। সিচৰিত হৈ থাকিব নোৱাৰিব সৰু সৰু অফিচ বোৰ।

★ integreted ডিচি অফিচৰ লগতে একোখনকৈ ষ্টেডিয়াম নিৰ্মাণৰ পৰিকল্পনা

★ চহৰৰ মাজৰ পৰা জেইলবোৰ উঠাই নি তাৰ স্থানত পার্ক নিৰ্মাণৰ পৰিকল্পনা

★ অসম বহুত পিছুৱাই আছে উন্নয়নৰ ক্ষেত্ৰত অন্য ৰাজ্যৰ তুলনাত। এই পাঁচ বছৰত সকলো প্ৰকাৰৰ উন্নয়ন সাধনৰ চেষ্টা কৰিব বিজেপিয়ে

কভিড

★১৫ ফেব্ৰুৱাৰীৰ পৰা ক’ভিড সম্পৰ্কীয় সকলো নিৰ্দেশনা প্ৰত্যাহাৰ কৰা হ’ব।

★অনুষ্ঠিত কৰিব পাৰিব অসমৰ বাপতিসাহোন উৎসৱ বিহু

★ ১৫ ফেব্ৰুৱাৰীৰ পৰা সকলোবোৰ বিদ্যালয় মুকলি হ’ব।

★স্বাভাৱিক জীৱন যাত্ৰা আৰম্ভ হ’ব।

★উঠাই দিয়া হ’ব কাৰ্ফিউ।

★ কেৱল মাস্ক, চেনিটাইজাৰ আৰু ভেকচিনেচন বাধ্যতামূলক।

★শিক্ষাৰ্থী সকলে ভেকচিন লৈহে দিব পাৰিব পৰীক্ষা

★ছবিগৃহ, সভা সমিতিলৈ অহা মানুহে ডাবল ভেকচিন লোৱাটো বাধ্যতামূলক।

★বিবাহ অনুষ্ঠানৰ ক্ষেত্ৰতো নাথাকিব কোনো বিশেষ নিৰ্দেশনা। বিবাহলৈ অহা লোকে ল’ব লাগিব ডাবল ভেকচিন।

Exit mobile version