ডাউকীঝাৰত ৰেল লাইনৰ তলেৰে সুৰংগ পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদ

চিৰাং-বঙাইগাঁও জিলাৰ সীমান্তৰ ডাউকীঝাৰত সোমবাৰে এক তিনিঘন্টীয়া প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে স্থানীয় লোকে । পশ্চিম বিজনী পথ সুৰক্ষা সংগ্ৰাম সমিতিৰ উদ্যোগত পুৱা ১০ বজাৰ পৰা ৰূপায়িত হয় এই প্ৰতিবাদী কাৰ্যসূচী । আই নৈৰ দলঙৰ সমীপত ৰেল লাইনৰ তলেৰে সুৰংগ পথ নিৰ্মাণৰ দাবীত ৰূপায়িত হয় এই প্ৰতিবাদী কাৰ্যসূচী ।

এই কাৰ্যসূচীত বঙাইগাঁও আৰু চিৰাং জিলাৰ অন্তৰ্গত আই নৈৰ কাষৰীয়া ডাউকীঝাৰ, চৌৰাগুৰী, বাঘমাৰা, মাজৰাবাৰী, শিশুবাৰী, নোৱাপাৰা, খুজৰাবগুৰী, ভালাতল, সন্যাসীগুৰী গাঁৱৰ ৰাইজে অংশগ্ৰহণ কৰি সুৰংগ পথ নিৰ্মাণৰ দাবীত বিভিন্ন প্ৰতিবাদী শ্লোগান দি ধৰ্ণাস্থলী উত্তাল কৰি তোলে । উল্লেখ্য চিৰাঙৰ বাঘমাৰাৰ পৰা ডাউকীঝাৰলৈ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী আই নৈৰ কাষেৰে থকা পথটোৰে দীৰ্ঘ বছৰে উল্লেখিত গাঁওসমূহৰ ৰাইজে যাতায়ত কৰি আহিছে । কিন্তু আই নৈৰ ওপৰত দ্বিতীয়খন ৰেল দলং নিৰ্মাণ কৰি থকাত পথটো বন্ধ হৈ পৰে । যাৰ পৰিপ্ৰেক্ষিতত বৃহত্তৰ অঞ্চলৰ ৰাইজৰ যাতায়তৰ সুবিধাৰ বাবে ৰেল লাইনৰ তলেৰে সুৰংগ পথ নিৰ্মাণৰ দাবী উত্থাপন কৰে ।

Exit mobile version