তিনি বছৰত ভাৰতত ৪০ লাখ লোক হ’ল কৰ্কট আক্রান্ত

635731833599407522 AP CANCER CHEMOTHERAPY 58557110

২০১৮ৰ পৰা ২০২০ বৰ্ষৰ সময়ছােৱাত ভাৰতত কর্কটত আক্রান্ত হ’ল প্রায় ৪০ লাখ লােক। কৰ’নাৰ সংক্ৰমণৰ মাজতে দেশত বিগত তিনি বছৰত উদ্বেগজনক হাৰত বৃদ্ধি পালে কর্কট ৰােগীৰ সংখ্যা।

লােকসভাত কৰ্কট ৰােগীৰ সন্দৰ্ভত এই চাঞ্চল্যকৰ তথ্য প্রকাশ কৰিলে কেন্দ্রীয় স্বাস্থ্য মন্ত্রী মনসুখ মাণ্ডভিয়াই। কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ পৰিসংখ্যা অনুসৰি যােৱা তিনি বছৰত ভাৰতত নতুনকৈ কৰ্কট আক্রান্ত হ’ল ৪০ লাখ লােক।

এইসকল কর্কট ৰােগীৰ ২২.৫ লাখৰাে অধিকৰ ইতিমধ্যে মৃত্যু হৈছে। কেন্দ্রীয় স্বাস্থ্য মন্ত্রীয়ে লােকসভাত দাখিল কৰা অনুসৰি তথ্য অনুসৰি ২০২০ বৰ্ষত ভাৰতত কর্কটত আক্ৰান্ত হৈছিল ১৩ লাখ ৯২ হেজাৰ ১১৯ জন লােক।

একেদৰে ২০১৯ বৰ্ষত দেশত ১৩ লাখ ৫৮ হেজাৰ ৪১৪ জন আৰু ২০১৮ বৰ্ষত ১৩ লাখ ২৫ হেজাৰ ২৩২ জন লােক কর্কটত আক্রান্ত হৈছিল। ইফালে, ২০২০ বৰ্ষত ভাৰতত কর্কটত আক্রান্ত হােৱা সাত লাখ ৭০ হেজাৰ ২৩০ জন ৰােগীয়ে প্রাণ হেৰুৱাইছিল।

একেদৰে ২০১৯ বৰ্ষত সাত লাখ ৫১ হেজাৰ ৫১৭ জন আৰু ২০১৯ বৰ্ষত সাত লাখ ৩৩ হেজাৰ ১৩৯ জন কর্কট ৰােগীৰ দেশত মৃত্যু হৈছিল। কেন্দ্রীয় মন্ত্রীজনে সদনত প্ৰকাশ কৰা অনুসৰি বার্ধক্যজনিত জনসংখ্যা, ধঁপাত জাতীয় সামগ্ৰীৰ ব্যৱহাৰ, সুৰাপান, অস্বাস্থ্যকৰ খাদ্যভ্যাস আৰু বায়ু প্ৰদূষণৰ দৰে কাৰণৰ ফলত ভাৰতত কর্কট আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে।

কর্কট প্রতিৰােধৰ বাবে চৰকাৰে বহুমুখী পৰিকল্পনা গ্রহণ কৰা বুলিও মাণ্ডভিয়াই সদনত সদৰী কৰে। প্রধানমন্ত্রী স্বাস্থ্য সুৰক্ষা আঁচনিৰ অধীনত দেশত ২২ খন এইমছৰ আৰ্হিত নতুন চিকিৎসালয় নির্মাণ আৰু অনেক আধুনিক চিকিৎসা কেন্দ্র স্থাপনৰ পৰিকল্পনা গ্রহণৰ কথা মন্ত্রীজনে প্রকাশ কৰে।

এনেবােৰ চিকিৎসালয়ত কৰ্কটৰ দৰে ৰােগৰ চিকিৎসাৰ প্ৰয়ােজনীয় সকলাে আধুনিক ব্যৱস্থা উপলব্ধ হ’ব বুলি মাভিয়াই জানিবলৈ দিয়ে।

Exit mobile version