Delhi To London Bus : বিমানত নহয়, এইবাৰ দিল্লীৰ পৰা লণ্ডনলৈ যাত্ৰা কৰক বাছত

200826183306 adventures overlandimage from ios 780x470 1

বিমানত নহয়, বাছত লণ্ডন ভ্ৰমণ কৰিবলৈ ইচ্ছুক ? ভ্রমণকাৰীসকলৰ সেই ইচ্ছা পূৰণ কৰিবলৈ এইবাৰ আগবাঢ়ি আহিছে হৰিয়ানাৰ এটা সংস্থা । চলিত বৰ্ষৰ ছেপ্টেম্বৰৰ পৰা দিল্লীৰ পৰা এই বাছ পৰিসেৱা আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হৈছে বুলি জনাইছে সংস্থাটোৱে ।

৪৬ বছৰ পাছত পুনৰ এই পৰিসেৱা আৰম্ভ হৈছে । ১৯৫৭ত ব্রিটেইনৰ এটা সংস্থাই কলকাতাৰ পৰা দিল্লী হৈ লণ্ডন পর্যন্ত বাছ পৰিসেৱা আৰম্ভ কৰিছিল । কিন্তু কিছু বছৰ পাছতেই বাছখন এটা দুর্ঘটনাতপতিত হয় । সেই সময়ৰ পৰাই এই পৰিসেৱা বন্ধ হৈ পৰে । পাছত আন এটা বিদেশী সংস্থাই ছিডনিৰ পৰা ভাৰত হৈ লণ্ডন পর্যন্ত দুই মহলীয়া বাছ সেৱা আৰম্ভ কৰে । ১৯৭৬ পর্যন্ত সেই সেৱা সুচাৰুৰূপে পৰিচালিত হয়, কিন্তু ইৰানৰ ৰাজনৈতিক আৰু ভাৰত-পাকিস্তানৰ সম্পর্ক সমস্যাৰ বাবে সেই সেৱা বন্ধ কৰি দিয়া হয় ।

পুনৰ হৰিয়ানাৰ এটা সংস্থাই এই সেৱা আৰম্ভ কৰিছে । অৱশ্যে যিটো পথত এই সেৱা আৰম্ভ হৈছিল, এইবাৰ তাৰ পৰিৱৰ্তে অন্য পথত বাছ চলোৱা হ’ব বুলি জনাইছে সংস্থাটোৱে ।

সংস্থাটোৱে জনাইছে, দিল্লীৰ পৰা কলকাতা হৈ ম্যানমাৰলৈ যাব বাছখন । তাৰ পাছত থাইলেণ্ড, লাওছ, চীন, কিৰঘিজস্তান, উজবেকিস্তান, কাজাখস্তান, ৰাছিয়া, লাতভিয়া, পোলেণ্ড, চেক ৰিপাব্লিক, জার্মানী, নেদাৰলেণ্ডছ, বেলজিয়াম আৰু ফ্রান্স হৈ লণ্ডনত উপস্থিত হ’ব ।

অত্যাধুনিক সুবিধাযুক্ত এই বাচত ২০টা আসন থাকিব । প্রতিজন যাত্রীৰ বাবে পৃথক পৃথক কেবিনৰ ব্যৱস্থা থাকিব । তদুপৰি, যাত্রীসকলৰ ভিছাসহ বিদেশ ভ্রমণৰ বাবে যাৱতীয় প্ৰয়োজনীয় নথিৰ ব্যৱস্থা কৰি দিব সংস্থাটোৱে । ৭০ দিনত ২০ হেজাৰ কিলোমিটাৰ ভ্ৰমণ কৰি লণ্ডনত উপস্থিত হ’ব বাছখন । জনে প্ৰতি ব্যয় হ’ব ১৫ লাখ টকা ।

Exit mobile version