Hijab Row : কর্ণাটকত আগন্তুক পাঁচ দিনলৈ বিদ্যালয় চৌপাশত জাৰি ১৪৪ ধাৰা !

হিজাব সম্পৰ্কত বিতর্ক আৰম্ভ হয় ডিচেম্বৰৰ শেষৰ পৰা । তাৰ পাছৰ পৰা ক্রমশ #হিজাব বিতর্ক বাঢ়িবলৈ লয় । উদুপিৰ এখন চৰকাৰী প্রাক-বিশ্ববিদ্যালয়, মহাবিদ্যালয়ত কেইজনমান ছাত্রীয়ে হিজাব পৰিধান কৰি অহাৰ ঘটনাক কেন্দ্র কৰিয়ে এই বিতর্কৰ সূত্রপাত হৈছিল ।

এই বিতর্কৰ অন্ত কৰিবলৈ ইতিমধ্যে ‘সাৱধানবাণী’ শুনাইছে উচ্চতম ন্যায়ালয়ে । কর্ণাটক (Karnataka) উচ্চ ন্যায়ালয়ে বিষয়টোৰ নিষ্পত্তিৰ দিশত লক্ষ্য ৰাখিব লাগিব । এয়া যাতে কোনো কাৰণতে ৰাষ্ট্ৰীয় বিষয়ত পৰিণত নহয় । এই মর্মে উচ্চ ন্যায়ালয়ক সাৱধানো কৰিছে শীর্ষ আদালতে (Supreme Court) । যদিও শীর্ষ আদালতে এ সংক্রান্তত জৰুৰী শুনানিত আপত্তি জনাইছিল । লগতে হিজাব বিতর্ক অব্যাহত থকাত ১৬ ফেব্রুৱাৰী পর্যন্ত ৰাজ্যৰ মহাবিদ্যালয় বন্ধ ৰখাৰ কথাও ঘোষণা কৰিছে কর্নাটক চৰকাৰে ।

ইতিমধ্যে সোমবাৰৰ পৰা অহা ১৯ ফেব্রুৱাৰী পর্যন্ত সমস্ত উচ্চ মাধ্যমিক বিদ্যালয়ৰ দুশ মিটাৰ ব্যাসাৰ্ধত জাৰি কৰা হৈছে ১৪৪ ধাৰাও ! এই ধাৰা আৰোপৰ কাৰণো আছে । বিগত কিছুদিন ধৰি হিজাব-বিতর্কত (Hijab Row) কর্ণাটকত নানা সাম্প্রদায়িক সংঘৰ্ষ সংঘটিত হৈছে । যি দেশৰ সামগ্রিক স্বাস্থ্যৰ পক্ষে উচিত নহয় বুলি ধাৰণা কৰিছে সংশ্লিষ্ট মহলে । তৎস্বত্ত্বেও আজি ৰাজ্যখনত বিদ্যালয় খুলিছে । আৰক্ষীয়ে উদুপি আৰু মেংগালুৰুৰ বিদ্যালয় চৌহদতো ১৯ ফেব্রুৱাৰী পর্যন্ত বিশেষ নিষেধাজ্ঞা আৰোপ কৰিছে ।

লগতে আজিৰ পৰাই কর্ণাটক উচ্চ ন্যায়ালয়ত এই সংক্রান্তত শুনানি আৰম্ভ হৈছে । ছাত্ৰীসকলে শ্ৰেণীত হিজাব পৰিধান কৰি যাব পৰাৰ অধিকাৰ লাভৰ আবেদন কৰিছে উচ্চ ন্যায়ালয়ক । শিক্ষাপ্রতিষ্ঠানত ইউনিফর্ম আৱশ্যকীয়, এই নির্দেশনা জাৰি কৰা হৈছিল ৰাজ্যখনত । তাৰেই পৰিপ্রেক্ষিতত এই আবেদন ।

Exit mobile version