Switzerland : গৱেষণাগাৰত প্রাণীহত্যা, ছুইজাৰলেণ্ডত নিৰ্বাচন

mouce lab animals

গৱেষণাগাৰত প্রাণীৰ দেহত পৰীক্ষা বন্ধ কৰা উচিত হয় নে নহয়, সেই সিদ্ধান্ত ল’বলৈ নিৰ্বাচন অনুষ্ঠিত কৰিছে ছুইজাৰলেণ্ডে । প্রাণী-হত্যাৰ বিৰোধী পক্ষ‌ই যদি নিৰ্বাচনত জয়ী হয়, তেতিয়া ছুইজাৰলেণ্ডে হ’ব প্রথম দেশ, য’ত পৰীক্ষাগাৰত প্রাণীৰ ব্যৱহাৰ নিষিদ্ধ হ’ব ।

বিষয়টো লৈ দীর্ঘদিন ধৰি বিতর্ক আৰু বিক্ষোভ চলি আছিল দেশখনত । বিক্ষোভকাৰীসকলৰ দাবী, এন্দুৰ, গিনিপিগ বা অন্য প্রাণীৰ দেহত পৰীক্ষাগাৰত পৰীক্ষা কৰা বন্ধ হ‌ওক । তেওঁলোকৰ দাবীৰ সমর্থনত স্বাক্ষৰ সংগ্রহ কৰা আৰম্ভ কৰে বিক্ষোভকাৰীসকলে । পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত ল’বলৈ বাধ্য হয় চৰকাৰে । ছুইজাৰলেণ্ডৰ গণতন্ত্রত সকলোৰেই অধিকাৰ আছে । নিৰ্বাচনত বিক্ষোভকাৰীসকলৰ বিপক্ষত আছে দেশৰ প্ৰসিদ্ধ ঔষধ প্রস্তুতকাৰী সংস্থাসমূহ । ৰোছে, নোভাৰটিছৰ দৰে আন্তর্জাতিক ঔষধ প্রস্তুতকাৰী সংস্থাসমূহৰ বক্তব্য, নতুন ঔষধ প্ৰস্তুত কৰিবলৈ এই গৱেষণা আৱশ্যকীয় ।

যিকোনো ঔষধ, ভেকচিন তৈয়াৰ কৰাৰ ক্ষেত্রত মানুহৰ শৰীৰত পৰীক্ষামূলক প্রয়োগৰ আগতে প্রাণীৰ দেহত পৰীক্ষা কৰা হয় । ক’ভিড টিকাৰ ক্ষেত্রতো সেয়াই হৈছে । এয়া বিশ্বৰ সকলো দেশতে প্রযোজ্য । বিক্ষোভকাৰীসকলৰ বক্তব্য, কেৱল ছুইজাৰলেণ্ডতে ২০২০ত গৱেষণাগাৰত পৰীক্ষাৰ বাবে পাঁচ লাখৰো অধিক প্রাণীৰ মৃত্যু হৈছে । তেওঁলোকৰ দাবী, প্রাণীৰ এই ব্যৱহাৰ অনৈতিক আৰু অপ্রয়োজনীয় ।

অৱশ্যে নিৰ্বাচনৰ আগতে এটা প্রাক-নির্বাচনী জনমত সমীক্ষাত পোৱা গৈছে ৬৮ শতাংশ লোক গৱেষণাগাৰত পৰীক্ষাৰ বাবে প্রাণীৰ ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞাৰ বিৰোধী । অর্থাৎ, হয়তো নিৰ্বাচনত ঔষধ-সংস্থাসমূহেই জয় লাভ কৰিব ।

Exit mobile version