এবছুৰ ৫৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন দোতমাত

অসমৰ ভূমিপুত্ৰ জনজাতি বড়ো সকলৰ আৰ্থ-সামাজিক,শৈক্ষিক,ভাষা-সংস্কৃতি তথা ৰাজনৈতিক অধিকাৰৰ লগতে বিশ্বৰ বুকুত এক বৃহৎ জনগোষ্ঠী হিচাপে আত্ম পৰিচয়সহ নিজৰ অস্তিত্ব অক্ষুন্ন ৰাখি বড়ো জনগোষ্ঠীক আগুৱাই লৈ যোৱাৰ উদ্দেশ্যৰে ১৯৬৭ চনৰ ১৫ ফেব্ৰুৱাৰী অৰ্থাৎ আজিৰ দিনটোতেই নিখিল বড়ো ছাত্ৰ সন্থা অৰ্থাৎ এবছুই আত্ম প্ৰকাশ কৰিছিল ৷

কোকৰাঝাৰ চহৰৰ ট্ৰাইবেল সংঘৰ জিৰণি গৃহত গঠন কৰা হৈছিল এবছু নামৰ জাতীয় সংগঠনটোৰ ৷সেই অনুসৰি আজি বিটিআৰৰ সদৰ কোকৰাঝাৰ উপৰিও বিটিআৰৰ মুঠ পাঁচখন জিলা আৰু ৰাজ্যজুৰি মংগলবাৰে এবছুৰ ৫৫ সংখ্যক প্ৰতিষ্ঠা দিৱস বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় ।

ঠিক তেনেদৰে কোকৰাঝাৰ জিলাৰ দোতমা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত কোকৰাঝাৰ জিলা এবছুৰ উদ্যোগত আৰু দোতমা আঞ্চলিক জিলা পৰ্যায়ত এবছুৰ সহযোগত এবছুৰ ৫৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়৷

প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত উপস্থিত থকা এবছুৰ উপ-সভাপতি খৌৰৌমদাউ ৱাৰীয়ে এবছুৰ লক্ষ্য-উদ্দেশ্য সম্পৰ্কে সংবাদ মাধ্যমৰ আগত সদৰী কৰি কয় যে বড়ো সকলক এক সুশৃঙ্খল সংস্কৃতিবান জনগোষ্ঠী হিচাপে শৈক্ষিক,আৰ্থ-সামাজিক,ৰাজনৈতিক অধিকাৰ সুনিশ্চিত কৰি আন জাতি-জনগোষ্ঠীৰ স’তে শান্তিপূৰ্ণ সহাৱস্থানৰ জৰিয়তে বিটিআৰৰ লগতে সমগ্ৰ ৰাজ্যখনত শান্তিৰ পৰিৱেশ অব্যাহত ৰাখিবৰ বাবে এবছুই কাম কৰি যাব ।

পুৱাৰ ভাগত এবছুৰ পতাকা উত্তোলন কৰি কোকৰাঝাৰ জিলা সভাপতি কৃপেশ দৈমাৰীয়ে অনুষ্ঠানৰ শুভউদ্বোধন কৰাৰ পিছত শ্বহীদ সকলোক শ্ৰদ্ধাঞ্জলী , জনোৱাৰ লগতে শান্তিৰ বাবে বগা পাৰ উৰুৱায় ।

আজিৰ অনুষ্ঠানত এবছুৰ প্ৰাক্তন সম্পাদক তথা প্ৰাক্তন বিধায়ক পৰমেশ্বৰ ব্ৰহ্মৰ লগতে এবছুৰ অইন অইন কৰ্ম কৰ্তাৰ লগতে শুভকাংখী সকলো উপস্থিত থাকে ।

Exit mobile version