বাছত যাত্ৰা কৰা কুকুৰাৰ টিকট কাটিলে কণ্ডাক্টৰে ! কিন্তু ক’ত ?

allwyn 020122 chick

বাছ আদিত যাত্ৰা কৰিলে সকলােৱে ভাড়া আদায় দিব লাগে। কিন্তু আপুনি কেতিয়াবা ক’ৰবাত শুনা পাইছে নে যে বাছত যাত্রা কৰা কোনাে জন্তু বা পক্ষীৰ পৰাও ভাড়া আদায় কৰাৰ কথা। হয়, অবিশ্বাস্য যেন লাগিলেও এনে এক ঘটনা সংঘটিত হ’ল তেলেংগানাত।

ৰাজ্যখনৰ চৰকাৰী বাছত যাত্ৰা কৰা এজন লােকে তেওঁৰ লগত থকা এটা কুকুৰাৰ বাবদ ভৰিব লগা হয় ভাড়া।সামাজিক মাধ্যমত এই ঘটনাৰ ভিডিঅ’ সম্প্রতি ভাইৰেল হৈছে।

তেলেংগানা ৰাজ্যিক পথ পৰিবহণ নিগমে এখন বাছত যাত্ৰা কৰা এজন ব্যক্তিৰ পৰা তেওঁৰ লগত থকা এটা কুকুৰাৰ বাবদ ৩০ টকাৰ ভাড়া আদায় ল’লে। তেলেংগানাৰ কৰিমনগৰ জিলাত শেহতীয়াকৈ এই ঘটনা সংঘটিত হ’ল।

ৰাজ্যিক পৰিবহণ নিগমৰ বাছৰ কণ্ডাক্টৰে এজন যাত্রীৰ স’তে গাড়ীৰ ভিতৰত এটা কুকুৰা প্রত্যক্ষ কৰাৰ পাছত উক্ত কুকুৰাৰ বাবদ ৩০ টকা ভাড়া দাবী কৰে।

বাছৰ কণ্ডাক্টৰে পেচ্ছাপল্লীৰ পৰা কৰিমনগৰলৈ যাত্ৰা কৰাৰ সময়তে ছুলতানাবাদত গাড়ীৰ ভিতৰত এজন যাত্রীয়ে কাপােৰৰ মাজত এটা কুকুৰা লুকুৱাই ৰখা প্রত্যক্ষ কৰিছিল। লগে লগে কণ্ডাক্টৰে কুকুৰাৰ ভাড়া হিচাপে ৩০ টকা আদায় দিবলৈ যাত্ৰী মহম্মদ আলীক কয়।

কিয়নাে ৰাজ্যিক পৰিবহণ নিগমৰ নিয়ম অনুসৰি বাছত উঠোৱা সকলাে জীৱিত সামগ্ৰীৰ বাবদ ভাড়া আদায় দিব লাগিব। যাত্রী আলীয়ে প্রথমে কুকুৰাৰ বাবদ ভাড়া আদায় দিবলৈ অস্বীকাৰ কৰিছিল আৰু কণ্ডাক্টৰৰ স’তে তর্ক কৰিছিল।

কিন্তু কণ্ডাক্টৰে ভাড়া আদায় দিবই লাগিব বুলি বাৰে বাৰে কোৱাত আলীয়ে কুকুৰাৰ বাবদ ৩০ টকা দিবলৈ বাধ্য হয়। এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হােৱাত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে।

তেলেংগানা ৰাজ্যিক পৰিবহণ নিগমৰ গােদাবৰীমানী আস্থানৰ প্ৰৱন্ধক বি ভেংকটেচমে ঘটনাৰ সন্দৰ্ভত কয় যে দৰাচলতে পৰিবহণ নিগমৰ বাছত কোনাে জীৱ-জন্তু উঠোৱা নিষিদ্ধ আৰু সেয়েহে বাছৰ কণ্ডাক্টৰে কুকুৰাৰ বাবদ ভাড়া লােৱাৰ পৰিৱর্তে উক্ত যাত্রীক গাড়ীৰ পৰা নমাই দিব লাগিছিল।

বাছৰ কণ্ডাক্টৰৰ অৱহেলাতে যাত্রীয়ে এইদৰে নিগমৰ বাছত কুকুৰাসহ উঠিব পাৰিলে বুলিও প্ৰৱন্ধকে মন্তব্য কৰে। ভেংকটেচমে লগতে কয় যে ঘটনাৰ সন্দৰ্ভত সংশ্লিষ্ট বাছ কণ্ডাক্টৰৰ পৰা স্পষ্টীকৰণ বিচৰা হৈছে।

Exit mobile version