ভাৰতত স্বেচ্ছাসেৱী সংস্থাৰ পঞ্জীয়ন বাতিল কিয় ? প্ৰশ্ন বিটিচি চৰকাৰৰ

স্বেচ্ছাসেৱী সংগঠন অক্সফেম ইণ্ডিয়াক বিদেশী অনুদান নিয়ন্ত্ৰণ আইন (এফ চি আৰ এ)ৰ অধীনত পঞ্জীয়ন বাতিল কৰিলে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে । এই বিষয়ত ভাৰতৰ স’তে দ্বিপাক্ষিক আলোচনাত স্বেচ্ছাসেৱী সংস্থাৰ পঞ্জীয়ন বাতিলৰ সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিলে ব্ৰিটেইন চৰকাৰে ।

অলপতে ভাৰত-ব্ৰিটেইনৰ মাজত অনুষ্ঠিত হোৱা চতুৰ্থ গৃহ মন্ত্রণালয় বিষয়ক বৈঠকত স্বেচ্ছাসেৱী সংস্থাৰ পঞ্জীয়ন বাতিলৰ প্ৰসংগত আলোচনা কৰিছিল ব্ৰিটিছ চৰকাৰে । বৈঠকত পঞ্জীয়ন বাতিলৰ কাৰণ ব্যাখ্যা কৰি ভাৰতে এফ চি আৰ এ আইনৰ সবিশেষ তথ্য অৱগত কৰে ।

উল্লেখ্য যে যোৱা ৩১ ডিচেম্বৰত অক্সফেম ইণ্ডিয়াসহ ৫,৯৩২ টা স্বেচ্ছাসেৱী সংস্থাৰ পঞ্জীয়ন এফ চি আৰ এ আইনৰ অধীনত কেন্দ্ৰীয় চৰকাৰে বাতিল কৰিছিল ।

Exit mobile version