শাস্তিৰ ৰায় অবিহনে দেশৰ কাৰাগাৰত আবদ্ধ ৭৫ শতাংশ কয়দী

thumbs b c 2622ce3c9173a36aa2f88e768790ea6e

ভাৰতৰ কাৰাগাৰত বিচাৰাধীন কয়দীৰ সংখ্যা ২০২০ বৰ্ষত যথেষ্ট বৃদ্ধি পালে । কাৰাগাৰত আবদ্ধ হৈ থকা প্ৰায় পাঁচ লাখ কয়দীৰ ৭৫ শতাংশই হৈছে বিচাৰাধীন বন্দী । এইদৰে আদালতৰ ৰায় অবিহনে কাৰাগাৰত বন্দী হৈ কয়দীৰ সংখ্যা হৈছে তিনি চতুৰ্থাংশৰো অধিক । বিগত এক দশকত দেশৰ কাৰাগাৰত এইদৰে ৰায় অবিহনে বন্দী হৈ থকা কয়দীৰ অনুপাত সৰ্বাধিক হ’ল । প্ৰায় তিনি লাখ কয়দীয়ে দেশৰ কাৰাগাৰত গোচৰৰ ৰায়ৰ অপেক্ষাত আছে ।

নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’ (এন চি আৰ বি)ৰ পৰিসংখ্যা অনুসৰি ২০১৫ বৰ্ষৰ পৰা দেশৰ কাৰাগাৰত আবদ্ধ বিচাৰাধীন কয়দীৰ সংখ্যা ৩০ শতাংশ বৃদ্ধি পাইছে । জামিনত মুক্তি লাভৰ কাৰণত ২০২০ বৰ্ষত ২০১৯ৰ তুলনাত বিচাৰাধীন কয়দীৰ সংখ্যা ২.৬ লাখলৈ হ্ৰাস পাইছিল । কাৰাগাৰত বন্দী হৈ থকা দোষী সাব্যস্ত কয়দীৰ সংখ্যা ১৫ শতাংশ হ্ৰাস পাইছে ।

দেশৰ ভিতৰতে পঞ্জাৱত বিচাৰাধীন কয়দীৰ অনুপাত সৰ্বাধিক । ২০১৯ বৰ্ষত ৰাজ্যখনত ৬৬ শতাংশ বিচাৰাধীন কয়দী আছিল আৰু ২০২০ত এনে কাৰাবন্দীৰ সংখ্যা ৮৫ শতাংশলৈ বৃদ্ধি পায় । আনহাতে, হাৰিয়ানাত ৬৪ শতাংশৰ পৰা বিচাৰাধীন কয়দীৰ সংখ্যা ২০২০ত ৮২ শতাংশলৈ বৃদ্ধি পালে । একেদৰে মধ্য প্ৰদেশত ২০১৯ত ৫৪ শতাংশ বিচাৰাধীন কয়দী আছিল আৰু ২০২০ত ৭০ শতাংশলৈ বৃদ্ধি পালে ।

দিল্লীত ২০১৯ত ৮২ শতাংশ বিচাৰাধীন কয়দী আছিল আৰু ২০২০ত ৯১ শতাংশলৈ বৃদ্ধি পালে । বিহাৰত কাৰাগাৰত বন্দী হৈ থকা কয়দীৰ সংখ্যা ১২,১২০ বৃদ্ধি পালে আৰু ইয়াৰে সৰহসংখ্যকে হৈছে বিচাৰাধীন কয়দী ।

Exit mobile version