সাত বছৰীয়া শিশু কন্যাৰ ইণ্টাৰনেটত চাঞ্চল্য, ভিডিঅ’ৰ জৰিয়তে ২০০ কোটি টকা উপাৰ্জন

Russian girl Anastasia Radzhiskaya

সাত বছৰীয়া এটি শিশু কন্যাই সৃষ্টি কৰিছে ইণ্টাৰনেটত চাঞ্চল্য। আপুনি জানি আচৰিত হ’ব যে মাত্র সাত বছৰ বয়সতে এই কণমানি কন্যাই উপার্জন কৰিলে ২০০ কোটি টকা।

ৰাছিয়াৰ এনাষ্টেচিয়া ৰেডজিন-ছকায়া এতিয়া সামাজিক মাধ্যমত.তাৰকা আৰু কণমানি শিশুটিৰ ভিডিঅ’ অনলাইনত যথেষ্ট জনপ্রিয় হৈছে। ‘ডেইলী ষ্টাৰ’ৰ বাতৰি অনুসৰি, সম্প্রতি এনাষ্টেচিয়াই মাহে গড়ে এক কোটি টকাৰৰ অধিক উপার্জন কৰি আহিছে।

মাত্র সাত বছৰ বয়সতে ইউ টিউৰত এনাষ্টেচিয়া হৈছে অন্যতম ব্যস্ত এগৰাকী তাৰকা। যোৱা বছৰত এই কণমানি ৰুছ কন্যাই ইউ টিউৱত ভিডিঅ’ প’ষ্ট কৰি প্রায় ২০০ কোটি টকা উপার্জন কৰিছিল।

এনাষ্টেচিয়াই নিজৰ পৰিয়ালৰ স’তে ফুৰিবলৈ যােৱাৰ নানা ধৰণৰ ভিজিঅ’ তৈয়াৰ কৰি ইউ টিউব আৰু ইনষ্টাগ্ৰামৰ দৰে সামাজিক মাধ্যমত আপলােড কৰি আহিছে। ২০১৪ত এনাষ্টেচিয়াৰ জন্ম হৈছিল।

উল্লেখ্য এই কণমানি শিশু কন্যা জন্মৰে পৰা এক স্নায়ৱিক ৰােগ আক্রান্ত।সেই সময়তে পিতৃ-মাতৃয়ে নিজৰ চাকৰি ত্যাগ কৰি এনাষ্টেচিয়াৰ বাবে ইউ টিউবত এটা চেনেল আৰম্ভ কৰিছিল আৰু ইয়াৰ নাম ৰাখিছিল ‘ লাইক নাস্তয়া’।

চেনেল আৰম্ভ কৰাৰ কেইমাহ মানৰ পাছৰে পৰা ইউ টিউবৰ জৰিয়তে তেওঁলােকে ধন উপার্জন কৰিবলৈ ধৰে। ইয়াৰ লগে লগে এনাষ্টেচিয়াৰ পিতৃ-মাতৃয়ে কন্যাক লৈ বিভিন্ন ভিডিঅ’ প্রস্তুত কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰিবলৈ ধৰে৷

লগে লগে এনাষ্টেচিয়াৰ জনপ্রিয়তাও সামাজিক মাধ্যমত বৃদ্ধি পাবলৈ ধৰে। যােৱা বছৰত এনাষ্টেচিয়াৰ এই ইউ টিউব একাউন্টাটো সর্বাধিক ধন উপার্জনকাৰী ১০ টা ইউ টিউব চেনেলৰ তালিকাত ষষ্ঠ স্থানত আছিল।

এবছৰ পূর্বে এনাষ্টেচিয়াই ইউ টিউৱত এটা ভিডিঅ’ আপলােড কৰিছিল আৰু এই ভিডিঅ’ই এতিয়ালৈকে ৯০ কোটিৰাে অধিক ‘লাইক’ লাভ কৰিছে।

এনাষ্টেচিয়া ইউ টিউব চেনেলত ৮৬ নিযুত ছাবস্ক্রাইবাৰ আছে। বর্তমানৰ সময়ত ইউ টিউবত এনাষ্টেচিয়াৰ এই চেনেল হৈছে অন্যতম এটি জনপ্রিয় চেনেল আৰু প্রতিদিনে তেওঁৰ অনুৰাগীৰ সংখ্যা বৃদ্ধি পাইছে।

Exit mobile version