Punjab Assembly Elections : “ম‌ই সন্ত্রাসবাদী নহয়”, দাবী পঞ্জাৱৰ মুখ্যমন্ত্রী চান্নিৰ

পঞ্জাৱৰ মুখ্যমন্ত্রী চৰণজিৎ সিং চান্নিয়ে (Charanjit Singh Channi) অভিযোগ কৰিছে যে তেওঁ কংগ্রেছ নেতা ৰাহুল গান্ধীৰ (Rahul Gandhi) সমাবেশত যোগ দিব নোৱাৰিলে কাৰণ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ (Narendra Modi) ভ্ৰমণৰ বাবে তেওঁৰ হেলিকপ্টাৰক যোৱাৰ অনুমতি দিয়া নহয় । তেওঁ কয়, “চৰণজিৎ চান্নি এজন মুখ্যমন্ত্রী, তেওঁ সন্ত্রাসবাদী নহয় যে আপুনি তেওঁক হোছিয়াৰপুৰত যোৱাত বাধা দিছে ! এয়া উপায় নহয় ।”

প্রধানমন্ত্রীৰ জলন্ধৰত ভ্ৰমণৰ বাবে এটা “ন’-ফ্লাই জ’ন” তৈয়াৰ কৰা হৈছিল সেয়ে মুখ্যমন্ত্রীৰ হেলিকপ্টাৰখনে উৰনৰ অনুমতি লাভৰ বাবে এঘন্টাৰো অধিক সময় অপেক্ষা কৰিছিল বুলি জানিব পৰা গৈছে ।

ৰাহুল গান্ধীৰ সমাবেশৰ বাবে চণ্ডীগড়ৰ পৰা হোছিয়াৰপুৰত হেলিকপ্টাৰেৰে যোৱাৰ কথা আছিল চান্নিৰ । অৱশেষত হেলিপেডৰ পৰা তেওঁ ঘৰলৈ উভতি যায় ।

তেওঁ কয়, “ম‌ই পুৱা ১১ বজাত সেই স্থানত আছিলো, কিন্তু হঠাৎ প্রধানমন্ত্রী মোদীৰ যাতায়াতৰ বাবে মোৰ (হোছিয়াৰপুৰত) উৰনৰ অনুমতি প্রত্যাখ্যান কৰা হৈছিল । ঠাইখনক ন’-ফ্লাই জ’ন ঘোষণা কৰা হয় । ম‌ই হোছিয়াৰপুৰত ৰাহুল গান্ধীৰ সমাবেশত যোগ দিব নোৱাৰিলো । মোৰ অনুমতি আছিল ।”

অৱশ্যে, মুখ্যমন্ত্রী চান্নিৰ হেলিকপ্টাৰে হোছিয়াৰপুৰত উৰন কৰিব নোৱাৰে যদিও, ৰাহুল গান্ধীৰ হেলিকপ্টাৰখনক চহৰত অৱতৰণৰ অনুমতি দিয়া হৈছিল ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ২০১৪ত যেতিয়া তেওঁ বিজেপিৰ প্রধানমন্ত্রী পদপ্রার্থী হিচাপে প্রচাৰ কৰিছিল, সেই সময়ত তেওঁৰ হেলিকপ্টাৰ পঞ্জাৱত আৱদ্ধ কৰি ৰখা হৈছিল কাৰণ “যুৱৰাজ” হেলিকপ্টাৰত অমৃতসৰত আহিছিল ।

তেওঁ আৰু কয়, “মোৰ নাম প্রধানমন্ত্রী পদৰ বাবে ঘোষণা কৰা হৈছিল । ম‌ই প্রচাৰৰ বাবে পাঠানকোট আৰু হিমাচল যাবলগীয়া আছিল । কিন্তু মোৰ হেলিকপ্টাৰক উৰিবলৈ দিয়া নহয় কাৰণ তেওঁলোকৰ যুৱৰাজ (ৰাজপুত্র) অমৃতসৰত আছিল । সেয়ে কংগ্রেছৰ অভ্যাস আছে বিৰোধীসকলক কাম কৰাৰ অনুমতি নিদিয়াৰ ।

অহা দেওবাৰে নতুন চৰকাৰ গঠনৰ লক্ষে ভোট দিব পঞ্জাৱৰ জনগন‌ই ।

Exit mobile version