দিল্লীৰ ৰবিদাস মন্দিৰত ‘শবাদ কীর্তন’ত অংশ ল’লে প্রধানমন্ত্রী মোদীয়ে

365191 ravidas mandir

সন্ত ৰবিদাসৰ (Sant Ravidas) জন্মবার্ষিকী উপলক্ষে, প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে (Narendra Modi) বুধবাৰে দিল্লীৰ কৰোলবাগত (Karol Bagh) ‘শ্রী গুৰু ৰবিদাস বিশ্রাম ধাম মন্দিৰ’ত প্রার্থনা কৰে ।

প্রধানমন্ত্রীগৰাকীয়ে মন্দিৰত ‘শবাদ কীর্তন’ত অংশ লোৱাৰ এটা ভিডিঅ’ ক্লিপো শ্বেয়াৰ কৰিছে আৰু ইয়াক ‘বিশেষ’ বুলি অভিহিত কৰিছে ।

ইয়াৰ পূৰ্বে মঙলবাৰে, প্রধানমন্ত্রী মোদীয়ে মৰমী কবিক স্মৰন কৰে আৰু কয় যে তেওঁ জাতপাত আৰু অস্পৃশ্যতাৰ দৰে বদঅভ্যাসবোৰ দূৰ কৰিবৰ বাবে তেওঁৰ জীৱন উচ্চর্গা কৰে ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁৰ চৰকাৰে প্রতিটো পদক্ষেপ আৰু পৰিকল্পনাত গুৰু ৰবিদাসৰ চেতনাক আত্মস্থ কৰিছে ।

প্ৰধানমন্ত্ৰী মোদীয়ে মঙলবাৰে টুইট কৰি কয়, “অহা কালি মহান সাধক গুৰু ৰবিদাস জিৰ জন্মবার্ষিকী । তেওঁ যিদৰে সমাজৰ পৰা জাতপাত আৰু অস্পৃশ্যতাৰ দৰে কু-প্রথা দূৰ কৰিবৰ বাবে তেওঁৰ জীৱন উচ্চৰ্গা কৰিছিল, আজিও তেওঁ আমাক সকলোকে অনুপ্রাণিত কৰিছে ।”

প্রধানমন্ত্রীগৰাকীয়ে হিন্দীত একাধিক টুইট বার্তাত লিখিছে, “এই উপলক্ষ্যে, ম‌ই সন্ত ৰবিদাস জিৰ পৱিত্র স্থান সম্পর্কে কিছু কথা উল্লেখ কৰিছো । ২০১৬ আৰু ২০১৯ত, ম‌ই তাত প্রণাম কৰা আৰু ‘লংগৰ’ কৰাৰ সৌভাগ্য অর্জন কৰো । এজন সাংসদ হিচাপে, ম‌ই সিদ্ধান্ত লৈছিলো যে এই তীর্থস্থানৰ উন্নয়ন কাৰ্যত একো ৰৈ নাযায় ।” তেওঁ বাৰানসীৰ পৰা লোকসভাত নির্বাচিত হৈছিল ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁ গর্বিত বোধ কৰিছে যে তেওঁৰ চৰকাৰে তেওঁৰ সমস্ত পদক্ষেপ আৰু পৰিকল্পনাযত গুৰু ৰবিদাসৰ চেতনাক আত্মস্থ কৰিছে ।

ইয়াৰ উপৰি, বাৰাণসীত তেওঁৰ স্মৰণৰ নির্মাণ কাৰ্য পূৰ্ণ গতিত চলিছে বুলি তেওঁ জনায় ।

Exit mobile version