ধনশিৰিত উগ্ৰপন্থী সংগঠন ডিএনএলএ-ৰ অন্তিমটো অস্ত্ৰ সম্বৰণ

আজি ডিফুৰ সমীপৱৰ্তী ধনশিৰিত ডিএনএলএ নামৰ উগ্ৰপন্থী সংগঠনে অন্তিমটো অস্ত্ৰ সম্বৰণ কাৰ্যসূচী সম্পন্ন কৰে ৷ ধনশিৰিৰ পৰা প্ৰায় আঢ়ৈ কিলোমিটাৰ নিলগৰ অটব্য অৰণ্যৰ মাজত অৱস্থিত ডিমাইডি নামৰ ঠাইত থকা ডিএনএলএ-ৰ ডেজিগনেটেড শিৱিৰত সংগঠনটোৰ ৫২ গৰাকী কেডাৰে অস্ত্ৰ-শস্ত্ৰসহ জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙৰ ওচৰত অস্ত্ৰ সম্বৰণ কৰে ৷ কেডাৰসমূহৰ ভিতৰত চাৰিগৰাকী মহিলা কেডাৰো আছে ৷

আজি অস্ত্ৰ সম্বৰণ কৰা কেডাৰসমূহক ডিএনএলএ আৰু স্থানীয় ৰাইজৰ তৰফৰ পৰা একোখনকৈ ডিমাচা গামোছাৰে মূল সুঁতিলৈ আদৰণি জনোৱা হয় ৷ উগ্ৰপন্থী সংগঠনটোৰ কেডাৰসকলে, এটা মেগজিনৰ স’তে এক কাৰ্টুছ বন্দুক, মেগজিনৰ স’তে এটা ‘২২ ৰাইফল, মেগজিনসহ এটা একছন ছেমি ৰাইফল, দুটা মেগজিনসহ এটা কাৰবাইন, দুটা ‘৩২ ৰাইফল, এটা বেয়া একে চিৰিজ ৰাইফলৰ মেগজিন, ৰাইফল, ‘২২ ৰাইফলৰ ১৫৮ জাঁই সজীৱ গুলী, বিডিআৰৰ সজীৱ গুলী ১৯ ৰাউণ্ড, কাৰবাইনৰ ছটা মেগজিন আৰু ‘৩২ ৰাইফলৰ ৩০ ৰাউণ্ড সজীৱ গুলী জমা দিয়ে ৷

উল্লেখ্য যে, যোৱা ছেপ্তেম্বৰ মাহত কাৰ্বি আংলঙৰ উগ্ৰপন্থী সংগঠনৰ স’তে চৰকাৰৰ শান্তি চুক্তি সম্পাদন হোৱাৰ পাছত যোৱা ২৩ ডিচেম্বৰত ডিএনএলএৰ ৬৭ গৰাকী সদস্যই ধনশিৰিত আত্ম সমৰ্পন কৰিছিল ৷ উগ্ৰপন্থী সংগঠনটোৰ সদস্যসকলে সেই সময়ত দুটা একে চিৰিজৰ ৰাইফলকে ধৰি মুঠ ১১ টা বন্দুক, ন টা পিষ্টল লগতে তিনিশ জাঁই সজীৱ গুলী জমা দিছিল ৷

উল্লেখযোগ্য যে, ২৫ ছেপ্তেম্বৰত উগ্ৰপন্থী সংগঠনটোৱে একপক্ষীয়ভাৱে যুদ্ধ বিৰতি ঘোষণা কৰি ওলাই আহিছিল ৷ ১৩ নৱেম্বৰত ডিমা হাছাও জিলাৰ খেপ্ৰেত উগ্ৰপন্থী সংগঠনটোৰ ৪৯ গৰাকী সদস্যই ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবোলাল গাৰ্লোচা আৰু হিৰেন চন্দ্ৰ নাথৰ ওচৰত অস্ত্ৰ-শস্ত্ৰসহ আত্মসমৰ্পন কৰিছিল ৷

আজি সংবাদ মাধ্যমৰ স’তে হোৱা বাৰ্তালাপত জিলা আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে কয় যে, মূল সুঁতিলৈ ঘূৰি অহা ডিএনএলএ কেডাৰৰ এইটো অন্তিমটো অস্ত্ৰ সম্বৰণ ৷ তেওঁলোকক আদৰণি জনোৱা হৈছে ৷ চৰকাৰৰ স’তে হ’বলগীয়ী আলোচনাত তেওঁলোকৰ অভাৱ অভিযোগবোৰ পূৰণ হ’ব বুলি তেওঁ আশাবাদী ৷ লগতে কেডাৰসকলক ডেজিগনেটেড শিৱিৰত ৰাখি সকলো সা-সুবিধা যোগান ধৰা হ’ব বুলিও কয় আৰক্ষী অধীক্ষকগৰাকীয়ে ৷

আনহাতে, ডিএনএলএ-ৰ অধ্যক্ষ ইতিকা ডিফুচাই কয় যে, চৰকাৰৰ শান্তি আলেচনাৰ প্ৰতি সন্মান জনাই ডিএনএলএ-ৰ বাকীবোৰ কেডাৰেও আজি অস্ত্ৰ সম্বৰণ কৰিলে ৷ চৰকাৰে তেওঁলোকৰ দাবীৰ প্ৰতি সন্মান জনাব বুলি তেওঁ মন্তব্য কৰে ৷ আজিৰ অস্ত্ৰ সম্বৰণ কাৰ্যসূচীত ২০ বিএন চিআৰপিএফৰ কামাণ্ডেণ্ট স্বৰ্ণ সিঙৰ লগতে ডিমাচা ষ্টুডেণ্ট ইউনিয়নৰ সভাপতি ধিৰাজ ডিফুচা আৰু অঞ্চলটোৰ কে’বাগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷

Exit mobile version