হিজাব ,বোৰ্খাক কেন্দ্ৰ কৰি পুনৰ উত্তপ্ত কৰ্ণাটক

1645000544 kranataka college

হিজাব বিতৰ্কক লৈ আদালতত বিচাৰ চলি আছে । সম্প্ৰতি উচ্চ ন্যায়ালয়ে এক অন্তৱৰ্তীকালীন নিৰ্দেশ দিছে যে কৰ্ণাটকৰ শিক্ষানুষ্ঠানসমূহত হিজাবকে ধৰি ‘ধৰ্মীয়’ পোছাক পিন্ধিব নোৱাৰিব ।

বুধবাৰে তেনে সময়তে কৰ্ণাটকৰ আন এখন চৰকাৰী মহাবিদ্যালয়ত ‘হিজাব আন্দোলন’ আৰম্ভ হয় । পুৱা হিজাব আৰু বোৰ্খা পিন্ধা কেইজনমান শিক্ষাৰ্থী উত্তৰ কৰ্ণাটকৰ বিজয়পুৰাৰ পিইউ মহাবিদ্যালয়ত উপস্থিত হয় ।

অৱশ্যে, তেওঁলোকক শ্ৰেণীত উপস্থিত থাকিবলৈ অনুমতি দিয়া হোৱা নাছিল । ইয়াৰ পাছত, শিক্ষক আৰু শিক্ষাৰ্থীসকলৰ মাজত হোৱা তীব্ৰ বিতৰ্কৰ কে’বাখনো ছবি আৰু ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ।

মহাবিদ্যালয় কৰ্তৃপক্ষই যুক্তি দিছে যে তেওঁলোকে কেৱল আদালতৰ অন্তৱৰ্তীকালীন আদেশ অনুসৰণ কৰি আছে । আনহাতে, শিক্ষাৰ্থীসকলে দাবী কৰে যে তেওঁলোকে যি পিন্ধে সেয়া তেওঁলোকৰ ব্যক্তিগত পছন্দ আৰু অধিকাৰৰ বিষয় ।

ইয়াৰ উপৰি, তেওঁলোকে হিজাব আৰু বোৰ্খা পিন্ধি আগতেও ক্লাছ কৰিছে । এই পোছাক পিন্ধিব নোৱাৰাৰ বিষয়ে মহাবিদ্যালয়খনে কোনো নিৰ্দেশনা দিয়া নাই ।

এই সন্দৰ্ভত, শিক্ষাৰ্থীসকল মহাবিদ্যালয়খনৰ অধ্যক্ষ আৰু শিক্ষকসকলৰ স’তে বিবাদত লিপ্ত হয় । পাছত, শ্ৰেণীকোঠাৰ কাষৰ এখন ঠাইত, তেওঁলোকৰ বোৰ্খা আৰু হিজাব খুলিবলৈ কোৱা হয় ।

এই কথাত শিক্ষাৰ্থীসকল অসন্মত হয় । ইয়াৰ আগতে, অধ্যক্ষই হিজাব পিন্ধা শিক্ষাৰ্থীসকলক মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰত ৰখাইছিল ।

অৱশ্যে, তেওঁলোকে জোৰ কৰি প্ৰৱেশ কৰে । সেয়ে তেওঁলোকক শ্ৰেণী এৰি যাবলৈ কোৱা হয় । তাৰ পাছত, পৰিস্থিতি পুনৰ উত্তপ্ত হৈ উঠে । শিক্ষাৰ্থীসকলে কয়, “আমি ন্যায় বিচাৰো ।” প্ৰতিবাদটো দীৰ্ঘসময় ধৰি প্ৰতিবাদ চলি থাকে ।

প্ৰসংগত, কৰ্ণাটকত হিজাব বিতৰ্ক বিগত ডিচেম্বৰত আৰম্ভ হয় । উদুপীৰ এখন চৰকাৰী মহাবিদ্যালয়ত হিজাব নিষিদ্ধ কৰাৰ বিৰুদ্ধে ছজন শিক্ষাৰ্থীয়ে প্ৰতিবাদ কৰিছিল । এই আন্দোলন ক্ৰমান্বয়ে বিয়পি পৰিছে ।

পৰিস্থিতি এনে এক পৰ্যায়ত উপনীত হয় যে ৰাজ্য চৰকাৰে ৰাজ্যখনৰ সকলো শিক্ষানুষ্ঠান অস্থায়ীভাৱে বন্ধ কৰাৰ সিদ্ধান্ত লয় । আদালতে তেতিয়া এই গোচৰত হস্তক্ষেপ কৰে ।

১৪ ফেব্ৰুৱাৰীত কৰ্ণাটক উচ্চ ন্যায়ালয়ে এক অন্তৱৰ্তীকালীন আদেশত কয় যে, সম্প্ৰতি কোনো শিক্ষানুষ্ঠানত কোনেও হিজাব বা আন কোনো ধৰ্মীয় পোছাক পিন্ধিব নোৱাৰিব । আদালতত কে’বাটাও গোচৰ চলি আছে । তেনে সময়তে পুনৰ উত্তপ্ত কৰ্ণাটক ।

Exit mobile version