Justin Trudeau : আর্থিক ক্ষতিৰ সন্মুখীন দেশ, বিক্ষোভ ৰোধ কৰিবলৈ কানাডাত ৫০ বছৰ পাছত পুনৰ জাৰি জৰুৰী অৱস্থা

1605848110 5fb74c2eacb8a justin trudeau

প্রায় ১৮ দিন ধৰি কানাডা-আমেৰিকাৰ সীমান্তত আৰু ৰাজধানীৰ অটোয়াৰ পথত প্ৰায় চাৰিশ ট্রাক ৰখাই বিক্ষোভ প্ৰদৰ্শন কৰিছে কানাডাৰ ট্রাক চালকৰ একাংশ‌ই । কানাডা চৰকাৰে আন্তর্জাতিক ট্রাক-চালকসকলে কৰ’না প্ৰতিষেধক লোৱা বাধ্যতামূলক ঘোষণা কৰিছে । তাৰ বিৰুদ্ধেই এই প্রতিবাদ । পৰিবহণ স্তব্ধ হৈ থকাত আর্থিক ক্ষতিৰ সন্মুখীন হৈছে দেশ । পৰিস্থিতি নিয়ন্ত্রণত আনিবলৈ এইবাৰ জৰুৰী অৱস্থা ঘোষণা কৰিছে দেশৰ প্রধানমন্ত্রী জাষ্টিন ট্রুডোৱে ।

দেশবাসীক উদ্দেশ্যি এটা ভাষণত জৰুৰী অৱস্থাৰ কথা ঘোষণা কৰি ট্রুডোৱে কয়, ‘‘বেআইনী আৰু বিপজ্জনক কাৰ্য চলাই যাব দিব নোৱাৰো ।’’ বিগত ৫০ বছৰৰ ভিতৰত এয়ে প্রথম কানাডাত জৰুৰী অৱস্থা জাৰি কৰা হৈছে । দীর্ঘ পাঁচ দশক আগতে কুইবেকে সন্ত্রাস দমন কৰিবলৈ জৰুৰী অৱস্থাৰ ঘোষণা কৰিছিল তৎকালীন প্রধানমন্ত্রী তথা জাষ্টিন ট্রুডোৰ পিতৃ পিয়াৰ এলিয়ট ট্রুডোয়ে । জৰুৰী অৱস্থা চলাকালীন চৰকাৰৰ বিশেষ কিছু ক্ষমতা থাকিব । চৰকাৰে ইচ্ছা কৰিলে বিক্ষোভকাৰীসকলৰ বেংক একাউন্টৰ লেনদেন বন্ধ কৰি দিব বা ‘ফ্রিজ’ কৰি দিব পাৰে । যি কোনো স্থানত জনসমাগম নিয়ন্ত্ৰণ কৰিব পাৰে । সমদল, প্রতিবাদ-সভাত নিষেধাজ্ঞা জাৰি কৰিব পাৰে । ট্রাকচালকসকলে নিৰ্দেশ অৱমাননা কৰিলে তেওঁলোকৰ ট্রাক আটক কৰি পথ খালি কৰিব পাৰিব আৰক্ষীয়ে । বিক্ষোভকাৰীসকলৰ বিৰুদ্ধে এনে ধৰণৰ বহু ক্ষমতা প্রয়োগ কৰিব পাৰিব চৰকাৰে ।

অৱশ্যে ট্রুডো আৰু তেওঁৰ একাধিক মন্ত্রীয়ে আশ্বাস ছে যে, জৰুৰী অৱস্থা প্রয়োগ কৰা হৈছে যদিও মৌলিক অধিকাৰত হস্তক্ষেপ কৰা নহ’ব । এই সম্পৰ্কত চৰকাৰৰ সমালোচকৰ একাংশৰ মতে, আগতেই যদি সেনাৰ সহায়ত বিক্ষোভ দমনৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা হ’ল হয় পৰিস্থিতি ইমান গুৰুতৰ নহ’ল হয় । জৰুৰী অৱস্থাও ঘোষণা কৰিবলগীয়া নহ’ল হয় ।

ইপিনে, বিভিন্ন দেশত সংক্রমণ হ্ৰাস পাইছে যদিও পূৱ ইউৰোপত অ’মিক্ৰনৰ প্ৰকোপ বৃদ্ধি পাইছে । মঙলবাৰে বিশ্ব স্বাস্থ্য সংস্থা (হু)ৱে জনাইছে, ৰাছিয়া, ইউক্রেইন, জর্জিয়া, বেলাৰুশ, আর্মেনিয়া আৰু আজেৰবাইজানৰ দৰে দেশসমূহত বিগত দুবছৰচ প্রচুৰ ক’ভিড আক্রান্তৰ সন্ধান পোৱা গৈছে, যিসকলৰ অধিকাংশই অতি সংক্রামক অ’মিক্রন ভেৰিয়েন্টত আক্রান্ত । এই সমস্ত দেশক টিকাকৰণ বৃদ্ধি কৰা আৰু ক’ভিড বিধি মানি চলাৰ নিৰ্দেশ দিছে হু-ৱে ।

Exit mobile version