‘আমন্ত্রণ অবিহনে বিৰয়ানি খাব গ’লে নহয়’, বৈদেশিক নীতি সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীক কটাক্ষ মনমোহন‌ সিঙৰ

4bfb3ee8 1016 11ec 8983 d056c8df2339 1634193168367 1645087397957

এইবাৰ ৰাহুল গান্ধীৰ সুৰত সুৰ মিলাই চীন ইছ্যুত মোদী চৰকাৰক কটাক্ষ কৰিলে দেশৰ প্রাক্তন প্রধানমন্ত্রী মনমোহন সিঙে । দুর্বল নীতি প্রণয়ন, অর্থনৈতিক ব্যর্থতাক লৈও কেন্দ্রক লক্ষ্য কৰে মনমোহন সিঙে । দেশৰ প্রাক্তন প্রধানমন্ত্রীয়ে ক‌য়, ‘তেওঁলোকৰ (বিজেপি নেতৃত্বাধীন চৰকাৰ) অর্থনৈতিক নীতিৰ কোনো বুজাপৰা নাই । ধনীসকল অধিক ধনী হৈছে আৰু দৰিদ্র দেশবাসীসকল অধিক দৰিদ্র হৈছে ।’ প্ৰাক্তন প্ৰধানমন্ত্ৰী সিঙে দাবী কৰে, বর্তমান বিজেপি ব্যৰ্থ হৈছে ।

কংগ্রেছ নেতাগৰাকীয়ে বৈদেশিক নীতিক লৈও চৰকাৰৰ ‘ব্যর্থতাৰ’ সমালোচনা কৰে । প্ৰাক্তন প্ৰধানমন্ত্ৰী সিঙে কয়, ‘চীন আমাৰ সীমান্তত আছে আৰু এই বিষয়টো গাপ দিয়াৰ চেষ্টা কৰা হৈছে ।’ প্রধানমন্ত্রী মোদীক কটাক্ষ কৰি তেওঁৰ উত্তৰসূৰীয়ে কয়, ‘ৰাজনীতিবিদসকলক আলিংগন কৰি বা আমন্ত্রণ অবিহনে বিৰয়ানি খাব গ’লে সম্পর্কৰ উন্নতি নহয় ।’

উল্লেখ্য, বর্তমান চৰকাৰৰ বৈদেশিক নীতিৰ সমালোচনা কৰি সংসদত সৰৱ হৈছিল কংগ্রেছ সাংসদ ৰাহুল গান্ধী । কংগ্রেছৰ প্রাক্তন সভাপতিগৰাকীয়ে দাবী কৰিছিল, ভাৰতৰ বর্তমান বৈদেশিক নীতিৰ কাৰণেই চীন আৰু পাকিস্তান একজোঁট হৈছে । এই বিষয়টো ভাৰতৰ বাবে অতি উদ্বেগজনক । যদিও ৰাহুলৰ এই অভিযোগৰ পৰিপ্রেক্ষিতত বিজেপি নেতাসকলে দাবী কৰিছিল যে পাকিস্তান আৰু চীনে ইন্দিৰা গান্ধীৰ শাসনকালৰ পৰাই বন্ধু আছিল ।

ইপিনে, সন্মুখত পঞ্জাৱ বিধানসভা নির্বাচন । এনে পৰিস্থিতিত মনমোহন সিঙে ভাৰতীয় জনতা পার্টীৰ বিৰুদ্ধে পঞ্জাৱৰ জনগণ আৰু ছেৰাজেৰ মুখ্যমন্ত্রীক অসন্মান কৰাৰ অভিযোগ কৰিছে ।

উল্লেখ্য, ইয়াৰ পূৰ্বে ছান্নিয়ে অভিযোগ কৰিছিল, প্রধানমন্ত্রী মোদী ৰাজ্য ভ্ৰমণত অহাত তেওঁৰ হেলিকপ্টাৰক হোছিয়াৰপুৰত উৰনত বাধা দিয়া হৈছিল । এই অভিযোগৰ পৰিপ্রেক্ষিততেই প্ৰাক্তন প্ৰধানমন্ত্ৰী সিঙে কয়, ‘বিজেপি প্রধানমন্ত্রী মোদীৰ নিৰাপত্তা ইছ্যুক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰি পঞ্জাৱৰ মুখ্যমন্ত্রীসকলক অসন্মান কৰাৰ চেষ্টা কৰিছে ।’

Exit mobile version