চলন্ত ট্ৰেনত উঠিব গৈয়ে বিপত্তি,মৃত্যুৰ মুখৰ পৰা মহিলাক ৰক্ষা কৰিলে IRCTC কৰ্মীয়ে

Himgiri

চলন্ত ৰে’লত উঠিব লওঁতে প্লেটফৰ্মৰ মাজত বাগৰি পৰিল এগৰাকী মহিলা ।ট্ৰেইনৰ পৰা জপিয়াই উদ্ধাৰ কৰিলে আইআৰচিটিচি কৰ্মচাৰীয়ে ।

বুধবাৰে হাওৰা এৰা পাঠানকোট অভিমুখী হিমগিৰি এক্সপ্ৰেছত উঠাৰ সময়ত সংঘটিত হয় এই ঘটনা ।বাৰাণসী কেণ্টনমেণ্ট ষ্টেচনত সংঘটিত হয় এই ঘটনা ।

আৰপিএফৰ সূত্ৰ অনুসৰি, বুধবাৰে দুপৰীয়া ৰে’লখন ২.৩৭ মিনিটত বাৰাণসী সেনানিবাসৰ পৰা ৰাওনা হয়।

এই সময়ত এহাল দম্পতি চলন্ত ট্ৰেইনত এচি কম্পাৰ্টমেণ্টত উঠিবলৈ চেষ্টা কৰে । সেই সময়ত, ৰে’লখনৰ দুৱাৰৰ ওচৰত থিয় হৈ থকা আইআৰচিটিচি কৰ্মচাৰী সুবোধ বাবুয়ে তেওঁলোকক ৰে’লত উঠিবলৈ বাধা দিয়ে।

কিন্তু তেওঁলোকে অমান্য কৰি পুৰুষ যাত্ৰীজনে ৰেলখনত উঠিবলৈ সক্ষম হৈছিল, কিন্তু মহিলাগৰাকী ৰে’ল আৰু প্লেটফৰ্মৰ মাজত সোমাই যায়।

সময় নষ্ট নকৰাকৈ, তেওঁ চলন্ত ৰেলৰ পৰা জঁপিয়াই আৰু মহিলাগৰাকীক ধৰি ওপৰলৈ টানিবলৈ চেষ্টা কৰে । যাত্ৰীসকলৰ চিঞৰ বাখৰ শুনি ৰেলখনৰ চালকজনে বিপদটো অনুভৱ কৰিব পাৰে আৰু ৰে’লখন ৰখাই দিয়ে ।

তৎক্ষণাত মহিলাগৰাকীক টানি প্লেটফৰ্মলৈ তুলি আনিলে সুবোধ বাবুয়ে ।

ঘটনাটোৰ বিষয়ে অৱগত হোৱাৰ পাছতে, আৰপিএফ আৰু চিএছঅন্ কৰ্তৃপক্ষ ঘটনাস্থলীত উপস্থিত হয় আৰু ফুটেজটো সংগ্ৰহ কৰে আৰু ৰে’ল ৱে ব’ৰ্ডলৈ প্ৰেৰণ কৰে।

ৰে’ল মন্ত্ৰালয়ৰ পৰা ষ্টেচনৰ চিচিটিভি ফুটেজ সংগ্ৰহ কৰি সেই কর্মীজনক অভিনন্দন জনাইছিল। এনে ধৰণৰ ঘটনাত বহুক্ষেত্ৰত, প্লেটফৰ্মত উপস্থিত আৰপিএফ জোৱানসকলক ভূমিকাত দেখা গৈছে।

কিন্তু চলন্ত ৰেলৰ পৰা জঁপিয়াই পৰা কেটাৰিং কৰ্মীৰ ভূমিকা সঁচাকৈয়ে প্ৰশংসনীয়। কোম্পানীটোৰ সঞ্চালক কেটাৰিং, দেৱাশীষ চন্দ্ৰই কয় যে কেৱল খাদ্য পৰিৱেশন কৰাই নহয়, যাত্ৰীসকলৰ সুৰক্ষা আৰু আৰামৰ ক্ষেত্ৰত সহযোগিতা কৰাটোও তেওঁলোকৰ কাম। কৰ্মী সুবোধ শ্ৰীবাস্তৱে কৰা কাম প্ৰশংসনীয়।

Exit mobile version