ছয়গাঁৱৰ বনগাঁৱত উত্তাল প্ৰতিবাদ, শতাধিক মহিলাৰ ৰাষ্ট্ৰীয় পথ অৱৰোধ

সমবায় সমিতিৰ কাৰ্যালয় ঘেৰাও

আমাৰ খেতি নাই । আমাৰ চাকৰি নাই । আমি মুঢ়া বনাই কেজি হিচাপত চাউল কিনি খাইছো । নতুন চৰকাৰে আমাক বৰ্বাদ কৰিলে । যোৱা চাৰি মাহ ধৰি প্ৰধানমন্ত্ৰী অন্ন সুৰক্ষা যোজনা আৰু ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা চাউলৰ পৰা বঞ্চিত প্ৰায় শতাধিক ক্ষোভিত মহিলাই আজি ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে ।

ছয়গাঁও সমষ্টিৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত বনগাঁও কেম্পত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে মহিলাসকলে । বনগাঁও গাঁও পঞ্চায়ত সমবায় সমিতিৰ ৭৬খন ৰাজহ গাঁৱৰ AAYৰ ১,৬৭১খন কাৰ্ডৰ বিপৰীতে জনসংখ্যা হৈছে ৭০০১জন । ক্ষোভিত মহিলাসকলে প্ৰথমে বনগাঁও গাঁও পঞ্চায়ত সমবায় সমিতিৰ কাৰ্যালয় ঘেৰাও কৰাৰ পাছত প্ৰায় এঘণ্টা ধৰি ১৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে । একাংশ লোকেও সহযোগ কৰে এই কাৰ্যসূচীত ।

“ৰাজ্য চৰকাৰ হায় হায়”, “আমাক চাউল দিয়ক”, “যোগান বিভাগ হায় হায়”, “সমবায় সমিতি হায় হায়” আদি শ্লোগানেৰে উত্তাল হৈ পৰে বনগাঁও কেম্পৰ ৰাষ্ট্ৰীয় ঘাইপথ । ‘আমি চাৰি মাহ ধৰি চাউল নাপাই বিপদত পৰিছো । দিন হাজিৰা কৰি সন্ধিয়া এসাজৰ বাবে চাউল কিনিছো । চৰকাৰে অতি সোনকালে আমাক চাউলৰ ব্যৱস্থা কৰি দিব লাগে । নহ’লে আমি পুনৰ প্ৰতিবাদ কৰা বাবে ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হ’ম ।’, এই মন্তব্য প্ৰতিবাদী মহিলাসকলৰ ।

উত্তাল প্ৰতিবাদৰ মাজতে ঘটনাস্থলীত উপস্থিত হৈ বকো ৰাজহ চক্ৰৰ চক্ৰ বিষয়া ৰাজ বৰুৱা, ছয়গাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সৰোজ সোনোৱাল আৰু বকো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভদ্ৰেশ্বৰ পেগু । একেদৰে, উপস্থিত হয় খাদ্য আৰু যোগান বিভাগৰ পৰিদৰ্শক বিদ্যাধৰ ডেকা ।

ক্ষোভিত মহিলাসকলৰ দাবীক ৰাজ্য চৰকাৰৰ ওচৰত অৱগত কৰাৰ আশ্বাস প্ৰদান কৰে আৰক্ষী প্ৰশাসনৰ দলটোৱে । একেদৰে পৰিদৰ্শকগৰাকীয়ে অতি সোনকালে হিতাধিকাৰীসকলে চাউল পাব বুলি আশ্বাস দিয়ে । তেওঁ কয় যে পুনৰ পূৰ্বৰ দৰে হিতাধিকাৰীসকলে চাউল লাভ কৰিব । যোগান বিভাগে কাৰ্য ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও উল্লেখ কৰে ।

একেদৰে বনগাঁও গাঁও পঞ্চায়ত সমবায় সমিতিৰ সম্পাদক ভূষণ ঠাকুৰীয়াই সংবাদ মাধ্যমৰ আগত কয়, “ৰাইজক চাউল দিব নোৱাৰি আমি খুবেই দুঃখিত । বিগত ২৮ মাহ ধৰি পৰিবহণ আৰু গৌদান ঘৰৰ নামত চৰকাৰৰ পৰা ধন পোৱা নাই । এক কোটি ২৪ লাখ টকা চৰকাৰৰ পৰা পাব লগা আছে । আমি ব্যক্তিগতভাৱে ধাৰত পুত গৈ হাৰাশাস্তি খাই আছো । বকেয়া ধন আদায়ৰ বাবে চৰকাৰক আহ্বান জনাই আহিছো । যদি ধন আদায় নিদিয়ে তেন্তে আমি চাউল উঠোৱাৰ পৰা বিৰত থাকিম ।”

Exit mobile version