দেশত স্নাতকসকলৰ বাবে চাকৰিৰ বৃহৎ সুযোগ !

এবছৰত ৫৫ হেজাৰৰো অধিক নিয়োগৰ প্রতিশ্রুতি এই সংস্থাৰ

30 1435651635 internet 1645074055

চিআইআই-য়ে পূৰ্বে জনাইছিল ২০২২-২৩ আর্থিক বর্ষত তথ্যপ্রযুক্তি, তথ্যপ্রযুক্তি সমর্থিত বিভিন্ন ক্ষেত্র আৰু ইন্টাৰনেটত চাকৰি (job) বাঢ়িব । এইবাৰ দেশৰ দ্বিতীয় বৃহত্তম তথ্যপ্রযুক্তি (Information Technology) ৰপ্তানিকাৰক সংস্থা ইনফ’ছিছে (infosys) জনাইছে, ২০২২-২৩ আর্থিক বর্ষত তেওঁলোকৰ সংস্থাত ৫৫ হেজাৰৰো অধিক নতুন যুৱক-যুৱতীক নিয়োগৰ (appointment) সম্ভাৱনা ।

বেংগালুৰু ভিত্তিক ইনফ’ছিছ সংস্থাৰ চিফ এগজিকিউটিভ সলিল পাৰেখে জনাইছে প্রযুক্তি আৰু বিজ্ঞানৰ ছাত্র-ছাত্রীকলৰ বাবে বৃহৎ সুযোগ উপলব্ধ হ’ব । তেওঁ কয় যে, খুব কম সময়তে নতুন দক্ষতা অর্জন কৰিব লাগিব । নেছকমৰ বার্ষিক অনুষ্ঠানত তেওঁ কয় চলিত আর্থিক বছৰত তেওঁলোক ৫৫ হেজাৰৰো অধিক মহাবিদ্যালয় স্নাতকক নিয়োগ কৰিছে । পৰৱর্তী আর্থিক বছৰত নিয়োগৰ সংখ্যা ইয়াৰো অধিক হ’ব বুলি তেওঁ আশাবাদী ।

সংস্থাৰ আর্থিক বৃদ্ধিতেই নিয়োগৰ সম্ভাৱনা বাঢ়িছে ইনফ’ছিছৰ চিফ এগজিকিউটিভ পাৰেখে কয়, চলিত আর্থিক বৰ্ষত তেওঁলোকৰ আর্থিক বৃদ্ধিৰ লক্ষ্যমাত্রা ২০ শতাংশ । যি পূৰণ হোৱাৰ পথত । সেয়ে নৱ প্ৰজন্মৰ বাবে নিয়োগৰ সম্ভাৱনা দেখা গৈছে । তেওঁ কয় ইনফ’ছিছ দক্ষতাৰ ওপৰচ জোৰ দিয়ে । সেয়ে ছয়ৰ পৰা ১২ সপ্তাহৰ প্ৰশিক্ষণ দি নৱাগতসকলক নিয়োগ কৰা হয় ।

ইয়াৰ উপৰি সংস্থাৰ পুৰণা কর্মচাৰীসকলকো দক্ষতা বৃদ্ধিৰ বাবে প্ৰশিক্ষণ দি থকা হয় । যাতে তেওঁলোক বর্তমান চাহিদাৰ স’তে যুঁজ দিব পাৰে । নতুন দক্ষতাৰ বাবে সদাই নিজকে প্রস্তুত ৰাখিব লাগিব বুলিও তেওঁ জনাইছে ।

লগতে তেওঁ প্রতি দশকতেই পুৰণা কৰ্মচাৰীসকলক প্রয়োজন অনুযায়ী নিজৰ দক্ষতা বৃদ্ধি কৰি থাকিবলৈও কয় । কিন্তু প্রযুক্তি খুব কম সময়তেই পৰিৱর্তিত হয় । সেয়ে যুৱ স্নাতকসকলক তিনিৰ পৰা পাঁচ বছৰৰ ভিতৰত নিজৰ দক্ষতা বৃদ্ধিৰ প্রয়োজন হৈছে ।

ভৱিষ্যতে আৰু বৃদ্ধিৰ সম্ভাৱনা

পাৰেখে কয়, অদূৰ ভৱিষ্যতে ইনফ’ছিছত বৃদ্ধিৰ সম্ভাৱনা আছে । এই ক্ষেত্রত দক্ষতাসম্পন্ন কর্মচাৰীসকলেই ভৱিষ্যতে সুযোগ পাব বুলিও তেওঁ জনাইছে । ইনফ’ছিছৰ চিফ এগজিকিউটিভ বিষয়াই জনাইছে, বৃহৎ সংস্থাপনৰ পথ মুকলি হৈছে ডিজিটেল প্লেটফর্মত । তেওঁলোকে ক্ল্যায়েন্ট আৰু অন্য ষ্টেকহোল্ডাৰসকলৰ স’তে কাম কৰিবলৈ প্রস্তুত বুলিও তেওঁ জনাইছে । ক্ল্যায়েন্টৰ চাহিদা পূৰণ কৰিবলৈ তেওঁলোকে কাজ কৰি আছে বুলিও জনাইছে ।

ই-কমাৰ্ছ আৰু বেংকিং ছেক্টৰতো বৃহৎ পদক্ষেপ

পাৰিখে কয় ইনফ’ছিছে তেওঁলোকৰ বেংকিং ছেক্টৰৰ বাবে ফিনাকেল আৰু ই-কমাৰ্ছ ছেক্টৰৰ বাবে ইকুইনস্ক বজাৰত যথেষ্ট প্রভাৱ বিস্তাৰ কৰিছে । ভৱিষ্যতে দুয়ো ক্ষেত্রৰ পৰা সংস্থাৰ লভ্যাংশৰ একটা বৃহৎ অংশ আহিব বুলি তেওঁলোকে ধাৰণা কৰে ।

Exit mobile version