বাগসাৰ সিদ্ধে বাবা মন্দিৰক পৰ্যটনস্থলী হিচাপে গঢ় দিয়াৰ প্ৰয়াস

বাগসা জিলাৰ বাৰাপেটাস্থিত অন্যতম পুৰণি শিৱধাম শ্ৰী শ্ৰী সিদ্ধে বাবা মন্দিৰ৷ এই শিৱ ধামৰ ঠাইত বৃহৎ আকাৰৰ মন্দিৰ নিৰ্মানেৰে পৰ্যটনস্থলী হিচাপে গঢ়ি দিয়াৰ প্ৰচেষ্টা চলাইছে পৰিচালনা সমিতিয়ে৷

জিলাখনৰ খাৰিজা বিজনীৰ বাৰাপেটা নেপালী বস্তীত থকা ৮৭ বছৰ পুৰণি মন্দিৰটো পৰ্যটনস্থলী হিচাপে গঢ় দিয়াৰ বাবে পৰিকল্পনা চলাইছে শিৱ ধাম পৰিচালনা সমিতিয়ে৷যাৰ বাবে পুৰণি মন্দিৰটোৰ সলনি এটি বৃহৎ আকাৰৰ মন্দিৰ নিৰ্মাণৰ কাম হাতত লৈছে পৰিচালনা সমিতিয়ে৷

সেই উপলক্ষে কালি ধৰ্মীয় ৰীতি নীতিৰে মন্দিটোৰ প্ৰথম মহলাৰ কাম আৰম্ভ কৰা হয়৷য’ত উপস্থিত থাকে অঞ্চলটোৰ বহুসংখ্যক ভক্তপ্ৰাণ ৰাইজ৷উল্লেখ্য যে ১৯৩৫ চনতে উক্ত স্থানত স্থাপন কৰা হৈছিল মন্দিৰটো৷

মন্দিৰটোত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ভক্তই বিভিন্ন সময়ত ভিৰ কৰা পৰিলক্ষিত হয়৷

Exit mobile version