বালি মাফিয়াৰ বিৰূদ্ধে বকোত ৰাইজৰ প্ৰতিবাদ, বালি খনন কাৰ্য বন্ধ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক সকীয়নি

জীয়াতু ভুগিছে ১০খনকৈ গাঁৱৰ ৰাইজে

“বালি খনন কাৰ্য বন্ধ কৰক”, “বন বিভাগ হায় হায়”, “আমাৰ দাবী ন্যায্য দাবী” আদি শ্লোগানেৰে উত্তাল হৈ পৰে বকোৰ এখন নৈৰ পাৰ । পশ্চিম কামৰূপ বনসংমণ্ডল প্ৰাধিকাৰী বিষয়া কাৰ্যালয় অধীনস্থ বকোৰ হাহিম নোৱাপাৰাত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে । শিংৰা নৈত বালি খনন কাৰ্য ৰোধ কৰাৰ বাবে ১০ খনকৈ গাঁৱৰ ৰাইজে মাৰ বান্ধি ওলাই আহি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰাপ্ত তথ্য মতে, বিগত কিছুদিন ধৰি একাংশ বালি মাফিয়াই শিংৰা নৈত অবাধে বালি খনন কৰি থকাত গাঁওসমূহলৈ ভাবুকি অহাৰ অভিযোগ উত্থাপন কৰিছে ।

শিংৰা নৈত খনন কাৰ্য অব্যাহত ৰখাত নৈখনৰ গভীৰতা বৃদ্ধি পাইছে । গাঁওসমূহৰ নলা, নাদৰ পানী শুকাই গৈছে । ছাত্ৰ-ছাত্ৰীয়ে যাতায়তত অসুবিধাৰ সন্মুখীন হৈছে । খেতি-পথাৰত পানী অভাৱনীয়ভাৱে নোহোৱা হৈছে । ফলত গঞাৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে ।

প্ৰতিবাদকাৰী জুনুমণি ৰাভা, পুষ্পলতা ৰাভাই ক্ষোভ প্ৰকাশ কৰি কয়, ‘ক্ৰমান্বয়ে শিংৰা নৈৰ গভীৰতা বৃদ্ধি পোৱাত বকো হাহিমৰ ১নং শামুকা, ২নং শামুকা, টিলাপাৰা, গোলাপাৰা, যোগডোবা, লামপাৰা, বাকাৰাপাৰা, নোৱাপাৰাকে আদি কৰি প্ৰায় ১০খন গাঁৱৰ ৰাইজৰ জীৱনলৈ ভাবুকি নামি আহিছে । নোৱাপাৰা গাঁওখনলৈ বোৱাৰী হৈ অহাৰ সময়ত শিংৰা নৈখনৰ গভীৰতা ককাললৈকে আছিল । নৈখনৰ বুকুৰে ল’ৰা-ছোৱালীক কোলাত তুলি পাৰ কৰি বিদ্যালয়লৈ যাতায়ত কৰা হৈছিল । কিন্তু বৰ্তমান শিংৰা নৈৰ গভীৰতা বৃদ্ধি পোৱাত যাতায়তৰ অসুবিধা হৈছে বুলি জানিবলৈ দিয়ে জুনুমণি কলিতাই ।

শিংৰা নৈৰ পৰা বালি খনন কাৰ্য ৰোধ কৰিবৰ বাবে বিভাগীয় কৰ্তৃপক্ষক আবেদন কৰা হৈছে । শিংৰা নৈৰ বুকুত অবাধ গতিত বালি খনন কাৰ্যৰ ক্ষেত্ৰত বনাঞ্চলিক বিষয়াগৰাকীয়ে কোনোধৰণৰ অনুমতি প্ৰদান কৰা নাই বুলি গাঁওবাসীক জনাইছে । অথচ পূৰ্ণগতিত খনন কাৰ্য অব্যাহত । বন বিভাগৰ অগোচৰে কেনেদৰে বালি খনন হৈ আছে সেয়া এক ৰহস্যৰ বিষয় বুলি প্ৰশ্ন কৰিছে জুনুমণি ৰাভাই । শিংৰা নৈৰ বুকুত বালি খনন কাৰ্যকলাপ বন্ধ কৰিবৰ বাবে বিগত দিনত গাঁওবাসীয়ে অনুৰূপ ধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছিল যদিও বালি খনন কাৰ্য বন্ধ হোৱা নাছিল । পানীৰ অভাৱত যমৰ যাতনা ভুগিছে গাঁওবাসীয়ে । ফলত আজি শতাধিক পুৰুষ-মহিলা নিৰ্বিশেষে প্ৰতিবাদকাৰী গঞা ৰাইজ শিংৰা নৈৰ পাৰত ওলাই আহে ।

বালি খনন কাৰ্য বন্ধ নহ’লে অনাগত দিনত গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ন কৰিব বুলি প্ৰতিবাদকাৰীসকলে বন বিভাগক সকীয়নি দিয়ে ।

Exit mobile version