ৰিলায়েন্স ইণ্ডাষ্ট্রিজৰ মুৰব্বী মুকেশ আম্বানীয়ে অলপতে ১৩.১৪ কোটিটকীয়া মূল্যৰ আলট্রা প্রিমিয়াম ৰ’লছ্ ৰয়েচ কালিনন গাড়ী এখন ক্রয় কৰিলে।
ADVERTISEMENT
ৰিলায়েন্স মুৰব্বীজনে এই বিলাসী গাড়ী ক্ৰয়ৰ বাবদ ২০ লাখ টকাৰ কৰাে আদায় দিছে। প্রকাশিত তথ্য অনুসৰি, ৰ’লছ্ ৰয়েচৰ এইখন গাড়ীয়ে হৈছে ভাৰতত উপলব্ধ গাড়ীৰ সর্বাধিক মূল্যৰ মডেল।
আম্বানীৰ এই নতুন গাড়ীখনৰ পঞ্জীয়ন নম্বৰ হৈছে ‘০০০১’। এই বিশেষ নম্বৰটোৰ বাবে আম্বানীয়ে পৰিবহণ বিভাগৰ আদায় দিব লগা হ’ল ১২ লাখ টকা।
ৰ’লছ্ ৰয়েচে এইখন গাড়ীৰ নাম বিশ্বৰ সবাতােকৈ বৃহৎ আকাৰৰ হীৰা কালিননৰ নামৰে ৰাখিছে।