Heaviest Strawberry : আইফোনতকৈও গধুৰ ষ্ট্ৰবেৰী ! কিন্তু ক’ত ?

1645010544 strawberry

ইজৰাইলৰ এজন নাগৰিকে কৃষিক্ষেত্ৰত এক উৎকৃষ্ট উদাহৰণ দাঙি ধৰিলে । কাদিমা-জোৰানৰ বাসিন্দা এৰিয়েল চাহীয়ে অলপতে প্ৰায় ৩০০ গ্ৰাম ওজনৰ এটা ডাঙৰ ষ্ট্ৰবেৰী খেতি কৰে। এই ষ্ট্ৰবেৰীয়ে এতিয়া গিনিছ ৰেকৰ্ডতো স্থান লাভ কৰিছে।

গিনিজ ৰেকৰ্ডছে ইয়াক বিশ্বৰ সকলোতকৈ গধুৰ ষ্ট্ৰবেৰী বুলি ঘোষণা কৰা হৈছে । ষ্ট্ৰবেৰীটোৰ ওজন আছিল প্ৰায় ২৮৯ গ্ৰাম।

ষ্ট্ৰবেৰীটো ১৮ ছেন্টিমিটাৰ দীঘল, চাৰি ছেন্টিমিটাৰ গাঢ় আৰু পৰিধি ৩৪ ছেন্টিমিটাৰ। ইলান প্ৰজাতিৰ এই ষ্ট্ৰবেৰী খেতি কৰিবলৈ প্ৰায় ৪৫ দিন লাগিছে।

গিনিজ ৰেকৰ্ডছে শেহতীয়াকৈ নিজৰ ইনষ্টাগ্ৰামত এটা ভিডিঅ’ পোষ্ট কৰিছে য’ত দেখুওৱা হৈছে যে ইয়াক কিয় পৃথিৱীৰ আটাইতকৈ গধুৰ ষ্ট্ৰবেৰী বুলি ধৰা হৈছে।

ভিডিঅ’টোত, দেখা গৈছে যে এৰিয়েলে প্ৰথমে ওজন ৰখা ডিভাইচত এটা আইফোন এক্সআৰ আৰু তাৰ পাছত ষ্ট্ৰবেৰী ওজন কৰিছে।

আইফোন এক্সআৰৰ ওজন আছিল ১৯৪ গ্ৰাম। কিন্তু সেই বিশাল ষ্ট্ৰবেৰীৰ ওজন তাতকৈ প্ৰায় ১০০ গ্ৰাম বেছি আছিল।

ভিডিঅ’টো ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ১০ ঘণ্টাতকৈও কম সময়ত সাত লাখৰো অধিক লোকে সেই ভিডিঅ’টো চাইছে।

Exit mobile version