কামাখ্যা-পাণ্ডু পথৰ নাম পৰিৱৰ্তনত অসন্তুষ্ট চিলাৰায় উন্নয়ন মঞ্চ

WhatsApp Image 2022 02 18 at 5.42.18 PM

আজি চিলাৰায় উন্নয়ন মঞ্চৰ ধুবুৰী জিলাৰ সভাপতি প্ৰসেনজীৎ মণ্ডলে এক প্ৰেছ বিবৃতিযোগে কয় যে যোৱা কেইদিনমান আগতে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই উত্তৰ প্ৰদেশৰ দৰে অসমতো বিভিন্ন ঠাইৰ নাম সলনি কৰাৰ কাৰণে যি এক প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি ঘোষণা কৰিছে যাৰ কাৰণে এটা প’ৰ্টেল খুলাৰ কথা কৈছে । ইয়াৰ দ্বাৰা সমগ্ৰ অসমৰ বিভিন্ন ঠাইৰ নামবোৰো গেৰুৱাকৰণ কৰা হ’ব নেকি বুলি চৰকাৰক প্ৰশ্ন কৰিছে চিলাৰায় উন্নয়ন মঞ্চই । কাৰণ অসমৰ বিভিন্ন জিলাত যিবোৰ ঠাইত অসমৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে বাস কৰে সেইবোৰ তেওঁলোকৰ নিজা সভ্যতা সংস্কৃতিৰ লগত জড়িত নিজৰ স্বাভিমানৰ লগত জড়িত কিছুমান নামেৰে নামাকৰণ কৰা আছে ইতিমধ্যে ।

এতিয়া বহিৰাগত কোনোবাই যদি সেই পুৰণিকলীয়া ঠাইবোৰৰ নাম সলনি কৰিব লাগে বুলি আবেদন কৰে তেনেহ’লে ইতিহাস জড়িত সেইবোৰ নামো সলনি হ’ব নেকি বুলিও চৰকাৰক প্ৰশ্ন কৰিছে চিলাৰায় উন্নয়ন মঞ্চই । গতিকে এনেকুৱা এটা বিসংগতিপূৰ্ণ প্ৰচেষ্টাই অসমৰ সভ্যতা সংস্কৃতি ৰক্ষাৰ বিপৰীতে অসমৰ বিভিন্ন খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ যি ইতিহাস, যি বুৰঞ্জী, যি সভ্যতা সংস্কৃতি, একপ্ৰকাৰ বিনষ্টহে কৰিব বুলি অনুমান কৰিছে চিলাৰায় উন্নয়ন মঞ্চই ।

চিলাৰায় উন্নয়ন মঞ্চৰ ধুবুৰী জিলাৰ সভাপতি প্ৰসেনজীৎ মণ্ডলে প্ৰেছ বিবৃতিটোত আৰু উল্লেখ কৰে যে, ইতিমধ্যে গুৱাহাটী পৌৰ নিগমে স্বামী মুকুতানন্দ সৰস্বতী নামেৰে কামাখ্যা পাণ্ডু পথ নতুনকৈ নামাকৰণৰ কাৰণে যি জাননী জাৰি কৰিছে আচলতে চিলাৰায় উন্নয়ন মঞ্চে জানিব খুজিছে সেইগৰাকী ব্যক্তি কোন ? অসমৰ ইতিহাসত অসমৰ বুৰঞ্জীত সেইগৰাকী ব্যক্তিৰ গুৰুত্ব কিমান ? অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ ৰাইজে সেইগৰাকী ব্যক্তিক চিনি পায়নে বুলি চৰকাৰক প্ৰশ্ন কৰিছে চিলাৰায় উন্নয়ন মঞ্চই । যদি সেইগৰাকী ব্যক্তিক চিনি পায় তেন্তে আমাৰ আপত্তি দৰ্শাবলগীয়া নাই কিন্তু অসমৰ লাখ লাখ জনগণে এইগৰাকী ব্যক্তিৰ নাম আজিলৈকে শুনি পোৱা নাই বুলি দাবী কৰিছে চিলাৰায় উন্নয়ন মঞ্চই ।

তেন্তে তেনেধৰণৰ ব্যক্তিৰ নাম ইতিহাস জড়িত কামাখ্যা মন্দিৰলৈ যোৱা কামাখ্যা পাণ্ডু পথৰ নামটো এগৰাকী অচিন ব্যক্তিৰ নামত নামাকৰণ কৰি কামাখ্যা মন্দিৰৰ লগত জড়িত ইতিহাসকো বিকৃত কৰাৰ ষড়যন্ত্ৰ চৰকাৰে ৰচনা কৰিছে নেকি বুলি প্ৰশ্ন কৰে । প্ৰসেনজীৎ মণ্ডলে প্ৰেছ বিবৃতিটোত উল্লেখ কৰে যে কামাখ্যা মন্দিৰৰ লগত অসমৰ আটাইতকৈ পুৰণি জনগোষ্ঠী কোচ ৰাজবংশীৰ এক ইতিহাস জড়িত হৈ আছে । এক আৱেগ জড়িত হৈ আছে, কাৰণ গৌড়ৰ সেনাপতি কালা পাহাড়ে যেতিয়া কামাখ্যা মন্দিৰ ধ্বংস কৰিছিল সেই কামাখ্যা মন্দিৰ কোচ সেনাপতি বিশ্ব মহাবীৰ চিলাৰায় আৰু মহাৰাজ নৰনাৰায়ণে পূৱ ভাৰতৰ বিভিন্ন ৰাজ্য জয় কৰাৰ পাছত যিবিলাক মণি, মুকুতা, সোণ , ৰূপ পাইছিল সেইখিনিৰে কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰে ।

গতিকে অসমৰ সমগ্ৰ ৰাইজক চৰকাৰৰ এনে কু-চক্ৰান্তৰ বিৰুদ্ধে বলিষ্ঠ কণ্ঠেৰে মাত মাতিবলৈ আহ্বান জনায় চিলাৰায় উন্নয়ন মঞ্চই । যিহেতু কামাখ্যা মন্দিৰৰ লগত কোচ ৰাজবংশীৰ আৱেগ জড়িত হৈ আছে গতিকে সেই পথৰ নামটো মহাৰাজ নৰনাৰায়ণ অথবা বিশ্ব মহাবীৰ চিলাৰায় নামেৰে নামাকৰণ কৰিবলৈ দাবী জনায় চিলাৰায় উন্নয়ন মঞ্চ‌ই ।

Exit mobile version