কাৰ্বি আংলঙৰ বৰপথাৰত গাঞ্জাসহ আটক তিনি সৰবৰাহকাৰী

কাৰ্বি আংলঙৰ বৰপথাৰ আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত বৰপথাৰ থানাৰ অন্তৰ্গত খাকৰাজান তিনি আলিৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত চলোৱা তালাচীত এখন তেল পৰিবাহী টেংকাৰ গাড়ীৰ পৰা এক কুইণ্টল ৫১ কেজি গাঞ্জাসহ তিনি সৰবৰাহকাৰীক আটক কৰে ৷

আৰক্ষী সূত্ৰ অনুসৰি, মণিপুৰৰ পৰা অহা এম.এন.০৪ চি.০৩৩২ নম্বৰৰ এখন তেল পৰিবাহী টেংকাৰত ১৩টা পেকেটত গাঞ্জাখিনি অনা হৈছিল ৷ আৰক্ষীয়ে টেংকাৰখনত অহা তিনি সৰবৰাহকাৰী ক্ৰমে হোজাই যোগীজানৰ জয়মণি সিংহা,‌ বোকাজান অমৰাজানৰ হাকিম বসুমতাৰী আৰু ধেমাজি গোগামুখৰ অমৰজিত সিঙক আটক কৰে । আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত তিনি সৰবৰাহকাৰীক সোধা-পোছা অব্যাহত ৰাখিছে ৷

Exit mobile version